বিহালীঃ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটৰ দলসমূহে ৰাজ্যৰ চাহ শ্ৰমিকক পাৰিশ্ৰমিক বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কিয়নো বিজেপিৰ ৰাজ্য চৰকাৰখনে ৫ বছৰ অতিক্ৰম কৰাৰ সময় হ’ল যদিও আজিলৈ পাৰিশ্ৰমিক বৃদ্ধি নকৰিলে৷ যাৰ ফলত নিতৌ প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ তাৰ মাজতে চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীত ৰাজ্যৰ ৫০০ খন চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি বাগিচাৰ কাম-কাজ স্তব্ধ কৰে৷ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে মজুৰি বৃদ্ধিৰ দাবীত বাগিচা বন্ধ কাৰ্যসূচী সফল কৰে৷
৩৫১.৩৩ টকা মজুৰিৰ দাবীত চাহ শ্ৰমিক আন্দোলন তীব্ৰ কৰিছিল ২০১৮ চনত৷ প্ৰতিবাদা শ্ৰমিকৰ সন্মুখত সেও মানি শ্ৰম মন্ত্ৰীয়ে এজনীয়া আয়োগ গঠন কৰি প্ৰতিবেদন লাভ কৰিছিল৷ আয়োগে ২০১৮ চনৰ ৪ চেপ্তেম্বৰত প্ৰতিবেদন দাখিল কৰি পাৰিশ্ৰমিক বৃদ্ধিৰ কথা উল্লেখ কৰা হয়৷ কিন্তু এই প্ৰতিবেদন দাখিল কৰে সম্পূৰ্ণ দুবছৰৰ পিছতো পাৰিশ্ৰমিক বৃদ্ধি নহ’ল৷ ২০২০ চনৰ ৪ চেপ্তেম্বৰত কুমাৰ সঞ্জয় কৃষ্ণৰ নেতৃত্বত গঠিত এজনীয়া আয়োগৰ প্ৰতিবেদনে চাহ শ্ৰমিকসকলক ১৯৪ টকা প্ৰদান কৰাৰ বাবেহে পৰামৰ্শ দিয়ে৷ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাস পূৰ্বৰ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে পুঁজিপতি চাহ কোম্পানীৰে এক বৃহৎ ধনৰ লেনদেনৰ বিনিময়তে শ্ৰম মন্ত্ৰী পল্লৱ লোচনে আইন বৰ্হিভূত এক আয়োগ গঠন কৰি চাহ শ্ৰমিকৰ প্ৰাপ্য মজুৰি ৩৫১•৩৩ টকা লাভৰ পৰা বঞ্চিত কৰিছে৷
চাহ জনজাতিৰ নেতা মন্ত্ৰী সাংসদ পল্লৱ লোচন দাসৰ নেতৃত্বত স্বাধীনোত্তৰ অসমত প্ৰথম বাৰৰ বাবে ২০১৮ চনৰ দুমাহৰ বৰ্দ্ধিত মজুৰিৰ পৰা চাহ শ্ৰমিকসকলক বঞ্চিত কৰিছিল যাৰ ফলত কোম্পানীসমূহ প্ৰত্যক্ষ ভাবে প্ৰায় ৩০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে নেতা বিবেক দাসে অভিযোগ উত্থাপন কৰে যে, ৰাজ্যৰ ১১ লাখ চাহ শ্ৰমিকৰ ৩৫১.৩৩ টকা মজুৰিৰ দাবীটো তল পেলাবৰ বাবেই চাহ শ্ৰমিকৰ মাজত বিনামূলীয়া চাউল দিয়াৰ আঁচনি ঘোষণা কৰিছে৷
শাসনাধিষ্ট BJP চৰকাৰে ২০১৯ আৰু ২০২০ চনত চাহ শ্ৰমিকসকলক ন্যায্য প্ৰাপ্যৰ পৰাও বঞ্চিত কৰি ৰাখিছে আৰু যাৰ ফলত শ্ৰমিকসকলে ২০১৯ চনত মাহে ৩৬০ টকা আৰু ২০২০ চনত ৭২০ টকাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। আনহাতে, অসম চাহ মজদূৰ সংঘ চমুকৈ এচিএমএছৰ বিৰূদ্ধে উত্থাপন হৈছে মজুৰি বৃদ্ধিৰ দাবীত চাহ বাগিছা বন্ধত সমৰ্থন নজনোৱাৰ অভিযোগ৷ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীত আহ্বান জনোৱা বাগিচা বন্ধ কাৰ্যসূচী বিফল কৰিবলৈ চেষ্টা কৰাৰ কৌশল অৱলম্বন কৰাৰ অভিযোগ অসম চাহ মজদুৰ সংঘ (ACMS)ৰ বিৰূদ্ধে৷