চামগুৰিঃ বিশ্বকৰ্মা পূজাৰ পুৱাই চামগুৰিৰ পাৱাৰ গ্ৰীড ছাৰ্ভিচ ষ্টেচনত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডই এতিয়া চিন্তিত কৰি তুলিছে নগাঁওবাসীক।
সমগ্ৰ নগাঁও জিলাতেই বিদ্যুত যোগান ধৰা চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিচত পুৱাই ২৫ মেগা ভ’ল্ট এম্পিৰাত হোৱা অগ্নিকাণ্ডই আৰু কেবাদিনলৈ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত জিলাখনত প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।
উল্লেখ্য যে হঠাৎ উক্ত স্থানত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাত পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনৰ কৰ্মচাৰী সকলৰ মাজত হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ বহু সময় ধৰি চেষ্টা চলাই জুই নিৰ্বাপিত কৰে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত শক্তি বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। অৱশ্যে বৰ্তমানলৈ অগ্নিকাণ্ড কেনেকৈ সূত্ৰপাত হ’ল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।