নিউজ ডেস্কঃ চানমাৰি অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ভাৰত চৰকাৰৰ অধীনত ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ আজাদি কা অমৃত মহোৎসৱ অনুষ্ঠিত হৈ যায়। আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াত আটাইকেদিন সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট ‘বিষ্ণু ৰাভা’ আৰু মহাত্মা গান্ধীৰ শিশু কালৰ ওপৰত ৰচিত পুতলা নাট ‘প্রায়শ্চিত্ত’ পৰিৱেশন কৰা হয়। পুতলা নাট ‘বিষ্ণু ৰাভা’ৰ ৰচনা সীমান্ত শৰ্মাৰ আৰু পুতলা নাট ‘প্রায়শ্চিত্ত’ৰ ৰচনা বিনীতা দেৱীৰ। পুতলা নাটকেইখনৰ পুতলাসমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী, কৰিশ্মিতা তালুকদাৰ, সীমান্ত শৰ্মা, অনিতা দেৱী, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা আৰু গণেশ বড়োৱে। পুতলা নাট দুখনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ হাৰ্দিক শৰ্মা, স্বপন দাস, নিহৰেন্দ্ৰ শৰ্মা, বিনীতা দেৱী, অদিষ্ণা ৰাজবংশীৰ। ‘বিষ্ণু ৰাভা’ নাটখনৰ সংগীত অভিজিৎ বৰ্মন আৰু ‘প্রায়শ্চিত্ত’ নাটখনৰ সংগীত পাপু গোহাঁইৰ। নাট দুইখনে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰে। ইতিমধ্যে এই নাট দুখন ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰসমূহৰ জৰিয়তে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰি প্ৰসংশা লাভ কৰিছে।