February 2, 2023, 3:44 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

চানডুবিৰ অন্তিমটো গিবনৰ মৰ্মান্তিক বিদায় আৰু দিপু দিপাংকৰৰ এটা ফেচবুক পোষ্ট

Reporter Name
  • Update Time : Tuesday, April 5, 2022
  • 125 Time View

মানুহৰ প্ৰকৃত বন্ধু হৈছে প্ৰকৃতি৷ প্ৰকৃতি অবিহনে পৃথিৱী নামৰ ঠাই ডোখৰত মানুহ জীয়াই থাকিব নোৱাৰিব৷ প্ৰকৃতি যেনেদৰে মানুহৰ আপোন৷ প্ৰকৃতিৰ আপোন ঊদ্ভিদ, বন্যজীৱ বা বন্য প্রাণীসমূহ৷ প্ৰকৃতি থাকিলে বন্যপ্রাণীসমূহ থাকিব৷ কিন্তু প্ৰকৃতি আৰু বন্যপ্রাণীসমূহ থাকিলেহে মানুহৰ অস্বিত্ব থাকিব বুলি ভবা হয়৷ প্ৰকৃততে এক হৃদয়বিদাৰক কাণ্ড সংঘটিত হোৱাৰ পিছতে সামাজিক মাধ্যমত এনে কথাবোৰকে চৰ্চা কৰিছে অসমৰ নেটিজেনে৷

দিপু দিপাংকৰ বৰুৱা নামৰ এগৰাকী যুৱকৰ আবেগিক ফেচবুক পোষ্টক লৈ বিভিন্ন জনে চিন্তা ব্যক্ত কৰিছে৷ এটা আঘাতপ্ৰাপ্ত গিবনক লৈ লিখা ফেচবুক পোষ্টটো বিভিন্নজনে শ্বেয়াৰ কৰি মৰ্ম্মাঘাত হোৱা দেখা গৈছে৷ বিশ্বনাথ চাৰিআলিৰ প্ৰকৃতি প্ৰেমি যুৱক দিপু দিপাংকৰ বৰুৱাই চানডুবিত এটা গিবনৰ মৃত্যুক লৈ সমাজ আৰু চৰকাৰকে নহয় নিজকো দোষাৰোপ কৰি প্ৰশ্ন কৰিছে৷ মানুহৰ নিকট সম্পৰ্ক থকা প্ৰজাতিৰ ভিতৰত অন্যতম যি বিধ প্ৰাণীৰ উপস্থিতি এটা সময়ত অসমত অত্যন্ত আছিল৷ সেইবিধ প্ৰাণী আজি বিলুপ্ত হ’বলৈ ধৰাত চিন্তা ব্যক্ত কৰিছে দিপাংকৰে৷ দক্ষিণ-পূৱ এছিয়াত ব্যাপক হাৰত পোৱা গিবন একালত উজনি অসমৰ বহু অঞ্চলত ব্যাপক হাৰত দেখা গৈছিল৷ কেৱল উজনিতে নহয় নামনিতো দেখা পোৱা গৈছিল৷ কিন্তু কালৰ সোঁতত বিলুপ্ত হ’বলৈ ধৰিছে গিবন৷ সমাজ, চৰকাৰে বন্যপ্ৰাণীক সংৰক্ষণ কৰিবলৈ প্ৰয়াস নকৰাৰ ফলতে গিবন নিঃশেষ হ’বলৈ ধৰিছে৷ কিন্তু ৩১ মাৰ্চত সংঘটিত ঘটনাই সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চানডুবিত উন্মুক্তভাৱে টানি নিয়া বিদ্যুতৰ তাঁৰত লাগি এটা গিবনৰ মৃত্যু হোৱাৰ ঘটনাই নেটিজেনৰ অন্তৰত কষ্ট দিছে৷ সামাজিক মাধ্যম যোগে নিজৰ মনৰ কথা কৈ বন্যপ্ৰাণীক সংৰক্ষণ কৰাৰ দাবী জনাইছে৷ দিপু দিপাংকৰ বৰুৱাই বিদ্যুৎস্পৃষ্ট হৈ এদিনৰ অন্তত ৰাজ্যিক চিৰিয়াখানত মৃত্যু হোৱা গিবনটো চানডুবিৰ একমাত্ৰ গিবন আছিল বুলি দাবী কৰে৷ ৩১ মাৰ্চত চানডুবিৰ এটা এলেকাত অবৈধভাৱে টানি নিয়া বিদ্যুতৰ তাঁৰত লাগিছিল গিবনটো৷ পিছত ততাতৈয়াকৈ গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানলৈ অনা হয়৷ কিন্তু কেইটামান ঘণ্টাৰ পিছতে গিবনটোৰ মৃত্যু হয়৷ গিবনৰ মৃত্যুত অন্তৰত অত্যন্ত আঘাত পোৱা দিপাংকৰে সমাজৰ দায়িত্ব আছে নে নাই সুধিছে? কেৱল দিপাংকৰেই নহয়৷ চৰকাৰৰ কৰিবলগীয়া আছে নে নাই বিভিন্নজনে সুধিছে? বিদ্যুতৰ তাঁৰসমূহৰ পৰা বন্যপ্ৰাণীক সুৰক্ষিত কৰিব পৰাৰ ব্যৱস্থা নাই কিয়? তাকে লৈও প্ৰশ্ন কৰা হৈছে৷ অবুজ, মানৱৰ বন্ধু প্ৰাণীসমূহক মানুহৰ প্ৰয়োজন আছে নে নাই তাকেলৈও প্ৰশ্ন কৰা হৈছে৷ নিতৌ বন্যপ্ৰাণীৰ মৃত্যুৰ বাবে কোন দায়ী? যদি নিয়মীয়াকৈ বিল পৰিশোধ কৰাটো আমাৰ মুখ্য দায়িত্ব৷ তেনেহ’লে বন্যপ্ৰাণীক বিদ্যুতৰ তাঁৰৰ পৰা সুৰক্ষিত ৰখাটোও বিদ্যুৎ বিভাগৰ দায়িত্ব বুলি দিপাংকৰৰ লগতে বহু নেটিজেনে প্ৰশ্ন কৰিছে?

চানডুবি হৈছে প্ৰকৃতিৰ ৰম্যভূমি৷ কামৰূপ জিলাৰ তথা ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদ এলেকাস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ নিলগৰ গাৰো পাহাৰৰ পাদস্থানৰ বিলখন জনজাতীয় লোকৰ বসতি আছে৷ কিন্তু সময়ে সময়ে চানডুবিত অবৈধ বেদখল হোৱাৰ ফলত পাৰিপাৰ্শ্বিক প্ৰভাৱ পৰিছে। সমীপত বিভিন্ন নিৰ্মাণ কাৰ্য গঢ়ি তোলা হৈছে৷ প্ৰতিবছৰে হাজাৰ হাজাৰ লোক বনভোজৰ বাবে ফুৰিবলৈ বিললৈ আহে যদিও সচেতনতাৰ অভাৱত লেতাৰা হৈ পৰে৷ যাৰ ফলত আজি সংকটত পৰিছে বন্যপ্ৰাণী৷

দিপু দিপাংকৰে ফেচবুকৰ পোষ্টটোত কি কৈছিল

‘‘চানডুবি হৈছে এক যাদুকৰী স্বৰ্গ৷ শান্ত হ্ৰদৰ বাবে বিখ্যাত৷ চিৰসেউজ অৰণ্যৰে আৱৰি আছে চানডুবিক৷ যি ঠাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো ঠাইত বিচাৰি পোৱা কঠিন। ইয়াৰ জনজাতি এলেকসমূহত প্ৰতি বছৰে অনুষ্ঠিত হোৱা বৃহৎ উৎসৱৰ উপৰিও, শান্তি বিচৰা লোকসকলৰ বাবে আশ্ৰয় সৃষ্টিৰ বাবে পৰিৱেশ চানডুবি৷ চানডুবি এক বিশাল জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। তাত থকা অন্তিম গিবনটো৷ বনাঞ্চলৰ কৃষক ৰূপী সোণালী বান্দৰ, হৰিণা পহু আৰু বহু জীৱ-জন্তু। গিবনৰ মাত শুনাৰ পিছতে প্ৰায়ে বিচাৰি দীঘলীয়া দূৰত্ব ট্ৰেকিং কৰিছিলো। কেতিয়াও সুন্দৰ কেমেৰাৰ লেন্সৰ ওচৰলৈ অহা নাছিল৷ আমি দূৰত্বক সন্মান কৰিছিলো। অৱশ্যে যেতিয়া মই এটা দুৰ্ঘটনাৰ খবৰ শুনিছিলো মই আতংকিত হৈ পৰিছিলো। বিদ্যুৎস্পৃষ্ট হৈছিল। হাতত নিৰ্মমভাৱে আঘাত লাগিছিল৷ যাৰ ফলত হাড়বোৰ উন্মুক্ত হৈ পৰিছিল। দাঁতবিহীন হৈ গুৰুতৰভাৱে ডিহাইড্ৰেটেড হৈছিল। এই সকলোবোৰ অৰণ্যৰ চাৰিওফালে উন্মুক্ত আৰু অসাৱধানভাৱে টানি নিয়া তাঁৰৰ বাবে হৈছিল। চিকিৎসাৰ বাবে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হৈছিল৷ কিন্তু পিছদিনা মৃত্যু হয়। দুটা নদীৰ ডলফিন, অসংখ্য এছিয়ান বান্দৰ, হাতী আৰু ১০০টা শগুণ আৰু শেহতীয়া গিবনৰ মৃত্যু। মই চৰকাৰ আৰু জনসাধাৰণক পৃথিৱীৰ স্তন্যপায়ী প্ৰাণীবোৰক বচাবলৈ আন্তৰিকতাৰে অনুৰোধ জনাইছো। অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডে বনাঞ্চলৰ ওচৰৰ সকলো খোলা এলুমিনিয়ামৰ তাঁৰ সুৰক্ষিত কৰিব লাগিব। এইটো এটাও ঘটনা নহয়। অসমত বহুতো গিবন আৰু এছিয়ান বান্দৰ সদায় একে ধৰণে নিহত হয়। কোন দায়ী? যদি নিয়মীয়াকৈ বিল পৰিশোধ কৰাটো আমাৰ মুখ্য দায়িত্ব৷ তেনেহ’লে আমাৰ বন্যপ্ৰাণীক এই তাঁৰৰ পৰা সুৰক্ষিত ৰখাটোও তেওঁলোকৰ দায়িত্ব।’’

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে