নগাঁও জিলাৰ ঐতিহাসিক আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীক আজি সন্ধিয়া গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে৷ আজি দুপৰীয়া উচ্চ শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰা অধ্যক্ষগৰাকীক নগাঁও আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ আমবাৰীৰ পৰা আটক কৰিছে৷ দুগৰাকী অধ্যাপিকাই যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতে ১২ এপ্ৰিলত অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ড০ সুৰজিৎ কুমাৰ ভাগৱতীক কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল যদিও তাৰ পূৰ্বেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ নিয়ে৷ ভাগৱতীয়ে কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিব নোৱাৰাত প্ৰথমে নিলম্বন কৰা হয় আৰু তাৰ পিছতে আটক কৰা হয়।
আজি উচ্চ শিক্ষা সঞ্চালকালয়ে তৎকালে নিৰ্দেশ জাৰি কৰি অধ্যক্ষ পদৰ পৰা ড০ সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বন কৰে৷ নিজ মহাবিদ্যালয়ৰে দুগৰাকী সহকাৰী অধ্যাপিকাই ৯ আৰু ১০ এপ্ৰিলত চাকৰি স্থায়ী কৰাৰ বিনিময়ত যৌন সম্পৰ্কৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ আনিছিল ড০ সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে৷
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল ঠিকাভিত্তিত কাম কৰি থকা দুগৰাকী অধ্যাপিকাই। নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত অধ্যক্ষৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।
এজাহাৰ যোগে অনা অভিযোগ মতে, অধ্যক্ষগৰাকীয়ে চাকৰি নিয়মীয়াকৰণ কৰাৰ বিনিময়ত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। অধ্যক্ষৰ প্ৰস্তাৱ নাকচ কৰাত মহাবিদ্যালয়ত স্থায়ী নিযুক্তি প্ৰদান পৰা বঞ্চিত কৰে। বিগত ১৮ মাহ ধৰি অধ্যক্ষগৰাকীয়ে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ আনে অধ্যাপিকাই। কিছুদিন পূৰ্বে মহাবিদ্যালয়খনত উদ্ভিদ বিজ্ঞানৰ অধ্যাপকৰ পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল৷ কিন্তু অভিযোগ অনা অধ্যাপিকাগৰাকীক বঞ্চিত কৰাৰ অভিযোগ আনে৷
ইপিনে অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীয়ে অধ্যাপিকাগৰাকীয়ে ব্লেকমেইলিঙৰ অভিযোগ আনি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।
অধ্যক্ষগৰাকীয়ে অধ্যাপিকাগৰাকীৰ অভিযোগক নস্যাৎ কৰাৰ লগতে কেৱল চাকৰিৰ বাবেই তেওঁৰ ওপৰত এই ভুৱা গোচৰ জাপি দি ব্লেকমেইলিং কৰাৰ অভিযোগ আনিছে। অধ্যক্ষ-অধ্যাপিকাৰ অভিযোগ-প্ৰতিভিযোগৰ ঘটনাই নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।