পংকজ নাথঃ চাংসাৰিৰ ফ্লাৱাৰ্ছ পাব্লিক স্কুলৰ উদ্যোগত আজি চাংসাৰিত তথা স্কুলখনৰ চৌহদত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৬ জুনত ফ্লাৱাৰ্ছ পাব্লিক স্কুলৰ উদ্যোগত বৃক্ষ ৰোপণ অনুষ্ঠানৰ আয়োজন কৰা হয়। বৃক্ষৰোপণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী তিলক দাস, ফ্লাৱাৰ পাব্লিক স্কুলৰ অধ্যক্ষ শ্বেখ আব্দুল হাফিজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তৰমুজ আলীয়ে। ফ্লাৱাৰ্ছ পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ৰেলী উলিয়াই বৃক্ষ ৰোপণ আৰু সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে প্ৰয়াস কৰে। ৰেলীৰ অন্তত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা প্ৰফেচাৰ ফৰিদা চুলটান হকে ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক উদ্দেশ্যি পৰিবেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত প্ৰেৰণাদায়ক ব্যক্তব্য আগবঢ়াই।