March 30, 2023, 4:03 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

চতিয়াৰ চন্দ্ৰভেটী এলেকাক কণ্টেইনমেণ্ট জন ঘোষণা, প্ৰৱেশ-প্ৰস্থান নিষিদ্ধ

Reporter Name
  • Update Time : Friday, June 12, 2020
  • 153 Time View

বিশ্বনাথঃ সমগ্ৰ ভাৰতৰ লগতে অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনা মহমাৰীয়ে৷ নিতৌ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হ’ব ধৰিছে৷ ফলত এই প্ৰকোপ ৰোধ কৰিবলৈ উঠিপৰি লাগিছে প্ৰশাসন৷ ইয়াৰ মাজতে মধ্য অসমৰ বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত চন্দ্ৰভেটী গাঁৱক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ এই এলেকাত কোনো লোকৰ প্ৰৱেশ, প্ৰস্থান সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে৷ চন্দ্ৰভেটী গাঁৱৰ ১৮ কৃষ্ণ কটোৱাল নামৰ যুৱকজন ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে জিলা প্ৰশাসনে সমগ্ৰ এলেকাটোক তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

ইতিমধ্যে এলেকাটো ছীল কৰিছে৷ বিশ্বনাথ জিলা দণ্ডাধীশে অসম কোৱিড-১৯ নিয়মাৱলী-২০২০ অনুসৰি জাৰি কৰা ৰ্নিদেশ অনুসৰি এই এলেকাৰ উত্তৰে শ্যাম ছেত্ৰীৰ বাসগৃহ, দক্ষিণে তেজ বাহাদুৰ কটোৱালৰ বাসগৃহ, পূব আৰু পশ্চিমে চন্দ্ৰভেটী গাঁৱৰ গাৱলীয়া পথক সীমা নিৰ্ধাৰণ কৰিছে। এই আদেশ ১১ জুনৰ পুৱা ১০ বজাৰ পৰা কাৰ্যকৰী হৈছে।

উল্লেখ্য যে, আদেশ অনুসৰি এই এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই সময়ছোৱাত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য কোৱিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব৷
এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম কোৱিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বিশ্বনাথ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চন্দ্ৰভেটী গাঁও নিবাসী কৃষ্ণ কটোৱাল নামৰ যুৱক জন বহিঃৰাজ্যৰ পৰা আহি প্ৰথমে কোৱাৰান্টাইন কেন্দ্ৰ থকে যজদিও যোৱা ৬ জুনত চন্দ্ৰভেটীৰ নিজা ঘৰত হোম কোৱাৰান্টাইন হৈ আছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে