পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ নলবাৰী জিলাৰ সানেকুছি ৰাজ্যিক চিকিৎসালয় অন্তৰ্গত বৰনামখলা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ উদ্যোগত চতমা নৱযুৱক সংঘৰ প্ৰেক্ষাগৃহত আজি ডেংগু এডিছ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। নয়নজ্যোতি শৰ্মাই আতধৰা সজাগতা সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী বীৰেন্দ্ৰ নাথ শৰ্মাই। সভাত ডেংগু এডিছ মহৰ সংক্ৰমণৰ পৰা কেনেকৈ বাচিব পাৰি সেই সন্দৰ্ভত সাণেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা০ হেমেন কুমাৰ শৰ্মা, চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হীৰেন্দ্ৰ নাথ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকলে দিহা-পৰামৰ্শ আগবঢ়াই। ডেংগু এডিছ মহৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত প্ৰথমে মহিলাসকলে দায়িত্ব লাগিব আৰু মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰিব লাগিব বুলি মতপোষণ কৰে। সভাত বিশিষ্ট ব্যক্তি, আশা কৰ্মী, অংগনাবাড়ী কৰ্মীৰ লগতে স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে।