জয়ন্ত মুদৈ, বেবেজীয়াঃ গুণোৎসৱৰ সৈতে সংগতি ৰাখি নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা হাতে লিখা আলোচনী প্ৰকৃতি আজি উন্মোচন হয়। প্ৰাতঃসভাত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আলোচনখন উন্মোচন কৰে বিদ্যালয়ৰ অধ্যক্ষ বৃন্দামাই দেৱীয়ে। য়ুথ এণ্ড ইক ক্লাৱৰ অধীনত ছাত্র-ছাত্ৰীসকলৰ সংগৃহীত তথ্যৰ ভিত্তিত ছপা কৰি উলিওৱা জৈৱ বৈচিত্ৰ্যৰ এখনি পঞ্জীয়ন উন্মোচন কৰে বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী তৃষ্ণা বৰদলৈয়ে। য়ুথ এণ্ড ইক ক্লাৱৰ সমন্বয়ক দীপ্তি বৰাই আঁত ধৰা অনুষ্ঠানত য়ুথ এণ্ড ইক ক্লাৱৰ সদস্য উৎপল হাজৰিকাই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৰমৰ্মী ভাষণ আগবঢ়াই৷ আন এক অনুষ্ঠানত দুখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। প্ৰথমে বিদ্যালয়ৰ উপাধ্যক্ষ দেবেন বৰাই য়ুথ এণ্ড ইক’ ক্লাৱৰ ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সজাই উলিওৱা প্ৰাচীৰ পত্ৰিকা প্ৰকৃতি উন্মোচন কৰাৰ পিছতেই অধ্যক্ষ বৃৃৃন্দামাই দেৱীয়ে বিদ্যালয়ৰ গণিত আৰু বিজ্ঞান বিভাগৰ অধীনত ছাত্র-ছাত্ৰীসকলে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা ৰশ্মি উন্মোচন কৰে৷ অনুষ্ঠানত জ্যেষ্ঠ বিজ্ঞান শিক্ষক বিপুল শইকীয়াই ছাত্র-ছাত্ৰীক উদ্দেশ্যি এটি চমু ভাষণ আগবঢ়ায়৷