জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁৱৰ পশ্চিম প্ৰান্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ সোনাই নদীৰ পাৰত নতুনকৈ মুকলি কৰা হৈছে এখনি সাপ্তাহিক বজাৰ৷ আচলতে, মৌজাটোৰ নিজ হাতীচোং, মাজ-জাজৰি আৰু আইভেটী পঞ্চায়তৰ প্ৰায় কুৰিখন গাঁৱৰ বাসিন্দাই দীৰ্ঘদিনে এখন বজাৰৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ কৰি আহিছিল৷ সেয়ে পঞ্চায়ত তিনিটাৰ বহুকেইজন সমাজসেৱী ব্যক্তি আৰু সচেতন যুৱকৰ তৎপৰতাত নিজ হাতীচোং গাঁও পঞ্চায়তৰ এলেকাধীন চকলাঘাটৰ সোনাইপাৰ গৌৰীনাথ মন্দিৰৰ দক্ষিণ দিশে ডিমৌ-ৰাইদঙীয়া সংযোগী পথৰ দাঁতিতে ৰাইজৰ সুবিধাৰ্থে এখন সাপ্তাহিক মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়৷ সেই সিদ্ধান্ত অনুসৰি প্ৰতি সপ্তাহৰ শুকুৰবাৰে বহিবলগীয়া ‘সোনাইপৰীয়া চাকোলাঘাট সাপ্তাহিক বজাৰ’ নামৰে এই বজাৰখন আজিৰে পৰা মুকলি কৰা হয়৷ ৰাইজৰ বহুদিনীয়া আশাক বাস্তৱায়িত কৰি খোল-তাল আৰু আয়তীৰ উৰুলিৰ মাংগলিক ধ্বনিৰ মাজেৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বৃহত্তৰ অঞ্চলৰ শতাধিক গঞাৰাইজৰ উপস্থিতিত এই বজাৰখনৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে দলংঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া সমিত ডেকাই৷ এই মৰ্মে, বজাৰ পৰিচালনা সমিতিৰ সম্পাদক জ্যোতিপ্ৰসাদ বৰাই আঁতধৰা শুভাৰম্ভণি অনুষ্ঠানত নগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি বীৰেন লালুং, নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধী, দলংঘাট উন্নয়ণ খণ্ডৰ অভিযন্তা হৰমোহন হালৈ, জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈ, চকলাঘাট ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক অনন্ত শইকীয়া, দলংঘাট আঞ্চলিক পঞ্চায়তৰ সভাপতি কল্পনা বৰা, আইভেটী গাঁও পঞ্চায়তৰ সভাপতি দেহীৰাম বৰা, বজাৰ পৰিচালনা সমিতিৰ সভাপতি ৰুহিত দাস, মাজ-জাজৰি গাঁও পঞ্চায়তৰ সভাপতি মিণ্টু কোঁৱৰ, নিজ হাতীচোং গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ পূৰ্ণিমা বৰা, যুৱ সমাজকৰ্মী বিকাশ বৰা, বজাৰ পৰিচালনা সমিতিৰ উপদেষ্টা কেশ ভূঞা, চেনীৰাম দাস, মইনা হাজৰিকা, আদৰ্শ যুৱ কৃষক দ্বীপ বৰা, পঞ্চায়ত সদস্য ৰুদ্ৰ শইকীয়া, প্ৰদীপ দাস, বজাৰ পৰিচালনা সমিতিৰ সদস্য হৰেন্দ্ৰ দাস, মোহন দাস, বগাই দাস, গিৰিন্দ্ৰ দাসকে প্ৰমুখ্য কৰি বহু সংখ্যক সচেতন ব্যক্তি উপস্থিত থাকে৷