নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অপৰিসীম ৷ বহু কষ্টৰে শিক্ষা দানেৰে সুশিক্ষিত কৰি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীক শিক্ষকসকলে সমাজৰ এক অংগ হিচাপে গঢ়ি তোলে ৷ সেয়ে সমাজ গঠনৰ বাবে গুৰু-শিষ্যৰ মাজত এক গভীৰ আন্তৰিক সম্পৰ্ক নিহিত হৈ থাকে ৷ এইবাৰ প্ৰতিনিয়ত পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাৰাখি ছাত্ৰ-ছাত্ৰীক নাটকৰ মাজেৰে শিক্ষাদানৰ মহান প্ৰচেষ্টা হাতত লৈছে নগাঁও জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানে ৷ এই শিক্ষানুষ্ঠানখন হৈছে জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত বটদ্ৰৱা সমষ্টিৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ আচলতে বিদ্যালয় কৰ্তৃপক্ষই অভিনয়ৰ মাজেৰে সমাজৰ লগত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সমন্বয় গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰিছে নাট্যাভিনয় প্ৰদৰ্শনৰ ৷ সেয়ে অহা ২৩ আৰু ২৪ জানুৱাৰীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিব বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াৰ এখনি সামাজিক নাটক “ঘিনাই সাতোলাৰ ইতিবৃত্ত” ৷ শিক্ষক তথা নাট্যকৰ্মী ৰঞ্জিত তামুলীৰ সুদক্ষ পৰিচালনাত মঞ্চস্থ হ’বলগীয়া এই নাটখনত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় অঞ্চলৰ যুৱক-যুৱতীসকলে অভিনয় কৰিছে ৷ যাৰ ফলত বিগত প্ৰায় এমাহ ধৰি চলি অহা নাটকৰ আখৰাই অঞ্চলটোত এক সুন্দৰ পৰিবেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৷ গতিকে এক মহান উদ্দেশ্য আগত ৰাখি চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালে আয়োজন কৰা উক্ত নাট প্ৰদৰ্শন উপভোগ কৰিবৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে ৷