জয়ন্ত মুদৈ, বেবেজীয়াঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৫৩৪ সংখ্যক শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱভাগ শ্ৰীমন্ত শঙ্কৰদেৱ আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত আজি চকলাঘাট ৰাস মন্দিৰত উদযাপন কৰা হয়৷ তদুপলক্ষে জিলাখনৰ ১৯খন আঞ্চলিকৰ কেবা সহস্ৰাধিক বাপ-বান্ধৱ, আইমাতৃৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে হৰিনামৰ অমিয়া সুৰে চৌপাশ মুখৰিত হৈ পৰে৷ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগ আৰু পৰিবেশ নিকাকৰণৰ অন্তত বৃক্ষৰোপণ কৰে সংঘৰ নগাঁও জিলা শাখাৰ উপ সভাপতি ৰাণা প্ৰকাশ বৰাই আৰু পতাকা উত্তোলন কৰে জ্যোতি প্ৰসাদ ভূঞাই৷ ইয়াৰ পিছতে উলিওৱা বৰ্ণিল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে মূলৰ সদস্য নলিনী বৰাই৷ অসমীয়া ভাওনাৰ দৃশ্যপট, গায়ন-বায়ন, আয়তিসকলৰ দিহা নাম আদিৰে মুখৰিত শোভাযাত্ৰাটি বিভিন্ন গাঁও পৰিভ্ৰমণ কৰি বৃহত্তৰ অঞ্চলটো উজ্জ্বলাই তোলে৷ দুপৰীয়া স্থানীয় আইসকলৰ দিহা নাম পৰিবেশনেৰে আৰম্ভ হোৱা ধৰ্মালোচনী সভাখনিত পৌৰোহিত্য কৰে জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাই৷ জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই উদ্ধোধন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত নিদিষ্ট বক্তাৰূপে সংঘৰ শংকৰী সংস্কৃতি গৱেষনা পৰিষদৰ সদস্য মনোজ দেওৰজা আৰু বিশিষ্ট অতিথি ৰূপে সংঘৰ প্ৰাক্তন সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, মূলৰ সদস্য হৰিদাস ৰাজ কুমাৰ, অজিত কুমাৰ বৰুৱা আৰু শনিৰাম দাসে অংশ গ্ৰহন কৰে৷ জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰা, আদৰণি সমিতিৰ সম্পাদক উৎপল হাজৰিকা আৰু শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিকৰ সম্পাদক পংকজ শইকীয়াই আঁত ধৰি আগবঢ়াই নিয়া সভাখনিত জিলা শাখাৰ উপ সভাপতি ৰাণা প্ৰকাশ বৰা, চেনাৰাম ডেকা, দেৱ বৰা, সহ সম্পাদক ধিৰ সিং বৰদলৈ, দিপংক বৰদলৈ, জিলাধিনায়ক নৱজ্যোতি বৰুৱা, শংকৰদেৱ আঞ্চলিকৰ সভাপতি চেনীৰাম ভূঞা, চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া, সংঘৰ মহিলা নেত্ৰী ৰুমী বৰা, ববী বৰদলৈ, মমতা বৰকাকতি আদি উপস্থিত থাকে৷ সভাৰ মাজতে কৃষ্টি কন্যা শইকীয়া আৰু কস্তুৰী শইকীয়াই বৰগীত, শিল্পী জিতু ডেকাৰ পৰিচালনাত ঝুমুৰা নৃত্য আৰু মথুৰা দাস আতা প্ৰাথমিকৰ আইসকলে দিহা নাম পৰিবেশন কৰে৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়৷