জয়ন্ত মুদৈ, বেবেজীয়াঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু মাইক্র’ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ ক্ষেত্ৰী গাঁও শাখা সমিতিৰ যৌথ উদ্যোগত মঙলবাৰে নগাঁও জিলাৰ চকলাঘাটৰ গান্ধী পথাৰত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়৷ জোন দেৱীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত মূূূল্যবৃদ্ধিৰ আৰু মাইক্র’ফাইনেন্স কোম্পানী সমূহে ঋণগ্ৰস্ত মহিলাসকলক ওপৰত চলোৱা হাৰাশাস্তিৰ প্ৰতিবাদ জনোৱাৰ সমান্তৰালকৈ ঋণ মাফৰ প্র-পত্র অসম চৰকাৰে শীঘ্ৰে প্রদান কৰাৰ দাবী উত্থাপন কৰা হয়। মামনি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মাইক্র’ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই অংশ গ্ৰহন কৰি কয় যে-বৰ্তমানৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা লাভৰ স্বাৰ্থত অসমৰ ৰাইজৰ লগতে বৃহত্তৰ মহিলা সমাজক প্ৰতাৰণা আৰু প্রবঞ্চনা কৰিলে। ঋণগ্ৰস্ত মহিলাসকলক এটকা কেজিত চাউল, অৰুণোদয়ত মাহে তিনি হাজাৰ টকা আৰু মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাই আদি প্ৰতিশ্ৰুতিৰে গ্ৰাম্য জীৱনৰ পৰিয়াল পৰিচালনাৰ দুৰ্বিসহ অৱস্থাৰ অন্ত পৰি এক নিশ্চিন্ত সুখৰ জীৱনৰ সপোনহে দেখুৱালে। কিন্তু কাৰ্যতঃ আজি পেট্রল, ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধি সকলোকে মাধমাৰ শোধাইছে। ঋণগ্রস্ত মহিলাৰ ঋণমুক্তি পৰিবর্তে ঋণ পৰিশোধৰ আইনী জাননীহে দিছে। ভাষণ প্ৰসংগত শ্ৰমিক নেতাগৰাকীয়ে মূখ্যমন্ত্ৰীৰ এই প্রবঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে গাঁৱে-গাঁৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাই। প্ৰায় দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনিত গ্ৰামীণ শ্ৰমিক সন্থাৰ স্বপন হাজৰীকা, হেমেন মুদৈ, হেমেন নাথ, মাইক্র’ফাইনেন্সৰ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ অনিতা দাস, ববী দেৱী, প্ৰগতিশীল নাৰী সন্থাৰ নেত্রী আয়েফা বেগম আৰু উমা পাতৰ উপস্থিত থাকে। সভাৰ অন্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু ঋণমুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি গান্ধী পথাৰৰ চৌপাশ উত্তায়ল কৰি তোলে।