November 26, 2022, 11:56 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

চকলাঘাটত বিহুনাচ কৰ্মশালা, ঢোলৰ গুমগুমনি, পেঁপাৰ মাতে দিলে ব’হাগৰ আগজাননি

Reporter Name
  • Update Time : Monday, April 4, 2022
  • 97 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ অসমীয়াৰ প্ৰাণৰ আপোন ব’হাগ বিহুলৈ মাজতে আছে কেইটামান দিন৷ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ব’হাগক আদৰাৰ প্ৰস্তুতি৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও৷ জিলাখনৰ সৰ্ব প্ৰান্ততে সকলো সাজু হৈছে হেপাঁহৰ বিহুটিক আদৰিবলৈ৷ ইয়াৰ মাজতে জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ব’হাগক আদৰাৰ নিমিত্তে সোমবাৰৰ পৰা সাতদিনীয়াকৈ চকলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত তথা চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থা আৰু চকলাঘাট ৰাস মন্দিৰৰ সহযোগত আৰম্ভ হৈছে কেন্দ্ৰীয় বিহুনাচ আৰু ঢোলবাদন, পেঁপাবাদনৰ কৰ্মশালা৷ বিয়লি ৩ বজাত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কৰ্মশালাটিৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধীয়ে৷ ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে স্থানীয় গাঁও প্ৰধান মিলাৰাম বৰাই আৰু পতাকা উত্তোলন কৰে কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি যজ্ঞেশ্বৰ বৰাই৷ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, বিশিষ্ট নাট্যকাৰ, পৰিচালক গম্ভীৰ শইকীয়া, নগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি বীৰেন লালুং, সমাজকৰ্মী ক্ষিতেশ্বৰ বৰা, অনন্ত শইকীয়া, চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি অতুল শইকীয়া, কৰ্মশালা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল হাজৰিকা, সাধাৰণ সম্পাদক জ্যোতিপ্ৰসাদ বৰা, সম্পাদক বিকাশ বৰা, সাংস্কৃতিক কৰ্মী ৰঞ্জিত শইকীয়া, সোনাইপাৰ গৌৰীনাথ মন্দিৰৰ সম্পাদক ভদ্ৰেশ্বৰ বৰা, ৰাজুমনি বৰাকে প্ৰমুখ্য কৰি বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে৷ দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে বৰ ঢুলীয়া বীৰেন ডেকা আৰু বৰ বিহুৱতী জাগৃতি কলিতা উপস্থিত থাকে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে