বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ ব্ৰাহ্মণগাঁৱত এটা বিলুপ্তপ্ৰায় ঈগল চৰাই উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে ৷ আচলতে ব্ৰাহ্মণগাঁও চাৰিআলিৰ সমীপতে আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বিৰল প্ৰজাতিৰ ঈগল চৰাইটো ৷ জানিব পৰা মতে, বহু সময় ধৰি পথৰ দাঁতিতেই পৰি থকা আঘাতপ্ৰাপ্ত ঈগলটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি লগে লগে ৱাইল্ড এইড অসমৰ স্বেচ্ছাসেৱক তথা জামুগুৰিৰ প্ৰকৃতিপ্ৰেমী যুৱক দেৱজ্যোতি নাথ ওৰফে দাদুক খবৰ দিয়ে ৷ খবৰ পাই প্ৰকৃতিপ্ৰেমী যুৱকজন ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ঈগল পক্ষীটো উদ্ধাৰ কৰে ৷ পিছত দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগলটো প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত প্ৰকৃতিপ্ৰেমী যুৱকজনে নগাঁৱৰ বন বিভাগক গতাই দিয়ে।