জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ চকলাঘাটত দুদিনীয়াকৈ চকলাঘাট কাৰাটে একাডেমীয়ে অনুষ্ঠিত কৰে ষষ্ঠ সদৌ অসম জাপান কুনিবা কাই কাৰাটেৰ ৰাজ্যিক ভিত্তিৰ প্ৰশিক্ষণ শিবিৰৰ আজি সমাপ্তি ঘটিছে। চকলাঘাট ৰাস মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে জাপান কাৰাটে ড-কুনিবা কাই ইণ্ডিয়া হনব’ৰ মুখ্য প্ৰশিক্ষক কিউচি নাৱাল দত্তই। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক কাৰাটেকাই ভাগ লোৱা শিবিৰত কাৰাটেডৰ কুমিটে আৰু কাটাৰ বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়া হয়। শিবিৰত মুখ্য প্ৰশিক্ষক নাৱাল দত্তৰ লগতে চিহান বিপুল দাস, চেনচেই বিপুল ভড়ালী, চেনচেই পংকজ কুমাৰ মুদৈ, বসন্ত নাথ, জগত কলিতা, গোপাল শীল আৰু নিত্য কুমাৰ পাটৰে প্ৰশিক্ষণত সহযোগিতা আগবঢ়াই। প্ৰশিক্ষণৰ শেষত চকলাঘাট কাৰাটে একাডেমীৰ সভাপতি বিপ্লৱজ্যোতি ডেকা আৰু সম্পাদক পংকজ কুমাৰ মুদৈৰ পৰিচালনাত কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে আঁতধৰা সামৰণি অনুষ্ঠানত কিউচি নাৱাল দত্ত, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ আৰু কল্যাণ কুমাৰ বৰাই ভাষণ প্ৰদানৰ লগতে সমাজকৰ্মী দিপেন বৰা, ৰিণ্টু শৰ্মা, ভাৰত ভূঞা, ৰিঞ্জুমনি বনিয়া, জোন হাজৰিকা আদি উপস্থিত থাকে। এই শিবিৰটোতে অনুষ্ঠিত গ্ৰেডিং পৰীক্ষাত পঞ্চম ডান ব্লেক বেল্টধাৰী চেনচেই পংকজ কুমাৰ মুদৈক চিহান উপাধি প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক জাপান কাৰাটে ড-কুনিবা কাই ইণ্ডিয়া হনব’, অসমৰ তৰফৰ পৰা বিভিন্ন শাখাৰ বেল্ট তথা প্ৰশংসাপত্ৰ বিতৰণ কৰা হয়।