মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিবহন বিভাগত গাড়ীৰ পঞ্জীয়ন সন্দৰ্ভত আজি বিশেষ ঘোষণা কৰিছে৷ পৰিবহণ বিভাগৰ গাড়ীৰ পঞ্জীয়ন ব্যৱস্থা সহ জ কৰি তুলিবলৈ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে। পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নহাকৈ নতুন গাড়ীৰ গ্ৰাহকে সকলো কৰিব পাৰে তাৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ঘৰৰ পৰাই সকলো কাম কৰিব পৰাকৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ডিলাৰে বাহনৰ পঞ্জীয়ন পত্ৰ দিব নোৱাৰে বুলি কয়। গাড়ীৰ পঞ্জীয়ন চমুকৈ আৰচিৰ বাবে ৭ দিন অপেক্ষা কৰিবলগীয়া হৈছিল আৰু এতিয়াৰ পৰা ডিলাৰেই ডিটিঅ’ৰ হৈ আৰচিত স্বাক্ষৰ কৰিব পাৰিব। বাহনৰ ৰেনিউৱেল, ড্ৰাইভিং লাইচেন্সৰ কাম, যিকোনো ড্ৰাইভিং লাইচেন্স সংক্ৰান্তীয় কাম অনলাইনৰ জৰিয়তে কৰিব পাৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। নতুন গাড়ী ক্ৰয় কৰিলে জিলা পৰিবহণ বিষয়াৰ চহী অবিহনেই লাভ কৰিব আৰ.চি। ডিলাৰ কৰ্তৃপক্ষৰ চহীৰে নতুন বাহনৰ পঞ্জীয়ন হ’ব। অনলাইনৰ জৰিয়তেই শুধৰণি কৰিব পাৰিব।