ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং
বজালীঃ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণকাৰী সংস্থাৰ অবিবেচকী কাণ্ডৰ বাবে প্ৰতিবছৰে বানৰ কৱলত পৰাই নহয় বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে বজালীৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত কহৰা অঞ্চল৷ বাৰিষা প্ৰয়োজন অনুসৰি ঘাইপথৰ দলঙেৰে পানী পাৰ হৈ যাব নোৱাৰাৰ ফলতেই বানৰ পানীয়ে বাৰে বাৰে প্ৰলয়ৰ সৃষ্টি কৰাৰ লগতে যোগাযোগ বিচ্ছিন্ন কৰে৷ এইবেলিও এটা পথৰ কেইবা ঠাইত বৃহৎ বৃহৎ অংশ খহাই নিয়াত বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে কেইবা হাজাৰ লোকৰ৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথ বানে উটুৱাই নিয়াত যাতায়াত বন্ধ পৰা কেইবাখনো গাঁৱৰ ৰাইজৰ হাহাকাৰ লাগে৷
৩১নং ঘাইপথ-সৰুপেটা গড়কাপ্তানী পথৰ ৫ ঠাই বানৰ প্ৰবল সোঁতে খহাই নিছে৷ ফলত ৰাইজৰ যাতায়াত কৰিবলৈ পথ নোহোৱা হৈ পৰে৷ যোৱা ৪৮ ঘণ্টাত বানৰ পানী কমি অহাত ৰাইজে বিকল্পৰ সন্ধান কৰি যাতায়াত কৰিব পৰাকৈ ব্যৱস্থা কৰিবলৈ উঠি-পৰি লাগে৷ ৰাইজে হাতৰ ধন ভাঙি পথ খহাই নিয়া ঠাইত বাঁহৰ অস্থায়ী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷
৩১নং ঘাইপথ নিৰ্মাণ কৰা কেএমচি নামৰ কোম্পানীটোৱে ঘাইপথ নিৰ্মাণৰ সময়ত পানী পাৰ হৈ যাব পৰাকৈ বিশেষ ব্যৱস্থা নকৰাৰ ফলতেই বানৰ পানীয়ে প্ৰতি বছৰে গ্ৰাম্য পথটোৰ ক্ষতি কৰি আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷