নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় পথৰ বিলপাৰত পথ দুৰ্ঘটনাত এজন গাড়ী চালক থিতাতে নিহত হয়। UP-25-CT-9960 নম্বৰৰ ট্ৰাকেৰে গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে ব্ৰইলাৰৰ দানা কঢ়িয়াই অনাৰ সময়তে বিলপাৰ-নাৰিকুছি চ’কৰ শিৱ মন্দিৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই আন এখন তীব্ৰ বেগী ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে। ফলত গাড়ীখন সন্মুখভাগ চূৰ্ণাকৃত হোৱাৰ উপৰিও গাড়ীখনৰ চালকগৰাকী থিতাতে নিহত হয়৷ বিপৰীতে হেণ্ডিমানজন হাত, ভৰি কঁকালত আঘাত পায়। পুৱা স্থানীয় ৰাইজ আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক লোহিত কুমাৰ চেত্ৰী ঘটনাস্থলীত উপস্থিত হৈ নিহত চালকগৰাকী নলবাৰী চিকিৎসালয়লৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে। নিহত চালক গৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।