নাজিৰাঃ অসম আৰু অসমীয়া জাতিৰ আবেগ চাওল্যুং চ্যুকাফাক ছ’চিয়েল মিডিয়াত অপমান কৰা গৰ্গ চেতাৰ্জীক পশ্চিং বংগৰ পৰা অসমলৈ ধৰি আনিব পাৰ নাই অসম আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাপক্ষ নামৰ সংগঠনৰ সভাপতি তথা তথাকথিত বঙালী বুদ্ধিজীৱি গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াত আৰক্ষীৰ এটা দল পশ্চিমবংগত উপস্থিত হৈছিল যদিও গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ আনহাতে অসমৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে থিতাপি লৈ থকা অসম ভৱন ঘেৰাও কৰি অসম আৰক্ষী হুছিয়াৰ শ্ল’গান দিয়া পৰিলক্ষিত হৈছে৷
তাৰ বিপৰীতে পশ্চিম বংগত কেইবাটাও সংগঠনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে অসম আৰক্ষী হুছিয়াৰ, বঙালী বিৰোধী সোণোৱাল হুছিয়াৰ ধ্বনি দিয়া পৰিলক্ষিত হৈছে৷ কেৱল কলকাতা চহৰতে নহয় সমগ্ৰ পশ্চিমবংগত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে কেইবাটাও সংগঠনে৷ এই খবৰে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অসম আৰক্ষীক অপমান কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা কাৰ্যক সহজে ল’ব পাৰ নাই অসমৰ লোকে৷
ইয়াৰ মাজতে গৰ্গ চেতাৰ্জীয়ে আহোমসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ পিছতো গৰ্গ চেতাৰ্জীক দৃষ্টান্তমূলক শাস্তি বিহাত সৰ্বা চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ দেৱব্ৰত শইকীয়া কয় যে গৰ্গ চেতাৰ্জী নামৰ পশ্চিম বংগৰ ব্যক্তি এজনে আহোমসকলৰ স্বৰ্গদেউ চাওল্যুং চ্যুকাফাক তথা আহোমসকলৰ বিৰুদ্ধে যি কটু মন্তব্য আগবঢ়াইছিল সেয়া দুৰ্ভাগ্যজনক আৰু ৰাজ্যৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা মন্তব্য। কিন্তু চৰকাৰে আজিলৈ উক্ত ব্যক্তিজনক আইনৰ আওতালৈ আনি কঠোৰ ভাৱে শাস্তি প্ৰদান কৰাত ব্যৰ্থ হৈছে। জাতি-মাটি-ভেটিৰ ধ্বনিৰে চৰকাৰত অহা সোণোৱাল চৰকাৰে আহোমসকলৰ বিৰুদ্ধে আপত্তিমূলক মন্তব্য আগবঢ়োৱা গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে এজন আহোম হিচাপে চৰকাৰৰ এই বিফলতাই মোকো বাৰুকৈ আঘাত দিছে বুলি কয় বিৰোধী দলপতি শইকীয়াই।
মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আবেগ জয় কৰিবলৈ প্ৰথমে ছ’চিয়েল মিডিয়া তথা ৰাজহুৱা ভাৱে গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিলে যদিও কৰ্মত তেওঁ নিজেই প্ৰশাসনক বাধা দিয়া যেনহে এতিয়া মোৰ অনুভৱ হৈছে। কিয়নো তেওঁ যদি গোপনে উক্ত ব্যক্তিজনৰ ঠিকনা প্ৰশাসনক দিলে হেঁতেন তেন্তে আজি তেওঁ আৰক্ষী প্ৰশাসনৰ হাতত পৰিলে হেঁতেন। কিন্তু মুখ্যমন্ত্ৰীয়ে কাৰ্য সম্পূৰ্ণ নকৰাকৈয়ে আগতীয়াকৈ বাঃ বাঃ লোৱাৰ প্ৰচেষ্টাত জাতীয় সংবেদন জড়িত হৈ থকা বিষয় এটাত আপোচ কৰিলে। ইয়াৰ বাবে তেওঁ সমগ্ৰ আহোম জনজাতিৰ আগত ক্ষমা খোজক।