March 29, 2023, 7:04 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গৰু পুহি গাখীৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে মুৰফুলনীৰ যুৱকে

Reporter Name
  • Update Time : Tuesday, August 25, 2020
  • 384 Time View

মুৰফুলনীঃ দেশৰ লগতে অসমতো এতিয়া ভয়াবহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। কোভিড স্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বহু যুৱক-যুৱতী বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতিবলগীয়া হৈছে। এটা সংস্থাপনৰ সন্ধানত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে শিক্ষিত যুৱক-যুৱতীসকলে। তেনে সময়তে গোলাঘাট জিলাৰ মুৰফুলনীৰ এজন শিক্ষিত যুৱকে দেখুৱাইছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন।

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মুৰফুলনী বাগান গাঁৱৰ নিবাসী ৰণ্টু বৰঠাকুৰে শিক্ষিত হৈও এতিয়া চাকৰিৰ বাবে নুঘূৰি ঘৰতে উপাৰ্জনৰ পথ উলিয়াই লৈছে। সৰুতেই পিতৃহীন হোৱা ৰণ্টুৱে প্ৰথমে দুজনী গাইৰে দুগ্ধ ফাৰ্মৰ আৰম্ভ কৰিছিল। এতিয়া ৮ জনী গাই গৰুৰ পৰা ৰণ্টুৱে দিনে ৫০ লিটাৰকৈ গাখীৰ পায়। সেই গাখীৰ ৰণ্টুৱে বিক্ৰী কৰি এতিয়া অঞ্চলটোৰ ভিতৰতে এজন আত্মনিৰ্ভশীল যুৱকৰূপে পৰিচিত হৈছে।

চৰকাৰৰ পৰা কোনো সহায় লাভ নকৰাকৈয়ে স্ব নিৰ্ভৰশীল হোৱাৰ আগ্ৰহ সন্মুখত ৰাখি ৰণ্টু বৰঠাকুৰে এদিন আৰম্ভ কৰিছিল দুগ্ধ ফাৰ্মৰ। বৰ্তমান সময়ত ৰণ্টু আন ১০ জন নিবনুৱা যুৱকৰ বাবে আদৰ্শ হৈ পৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে