বজালীৰ পৰা কৈলাস চৌধুৰীঃ পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনটোত কজলা-পখৰাই ৰেম্পত পুনৰ খোজ দিলে৷ বিগত তিনিটা বছৰে কজলা-পখৰাই ৰেম্পত খোজ কাঢ়িব পৰা নাছিল যদিও ক’ৰোনাৰ সংক্ৰমণ ৰোধ হোৱাৰ পিছতে আজি গৰু বিহুৰ দিনটোত কজলা-পখৰাই ৰেম্পত খোজ দিলে৷ গৰু বিহুৰ দিনটোত বজালীৰ ঐতিহাসিক গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্বন-শ্ব পুনৰ আজি অনুষ্ঠিত হয়৷ ১৭ সংখ্যক বাৰ্ষিক গৰুৰ ফেশ্বন-শ্বত ৰেম্পত পৰম্পৰাগত সাজেৰে বিহুগীতৰ তালে তালে খোজ দিলে কজলা-পখৰাই৷ ৰেম্পত পৰম্পৰাগত কৃষকৰ সম্পদ গৰুৱে খোজকাঢ়ি আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিল৷ এক প্ৰকাৰ ক’বলৈ গলে গৰু বিহুৰ দিনটোত বজালীৰ ঐতিহাসিক গোবিন্দপুৰ সত্ৰ চৌহদ কৃষক ৰাইজ আৰু সুসজ্জিত গোধনেৰে মুখৰিত হৈ পৰিল৷ অসমীয়া চহা জীৱনৰ পৰম্পৰাগত সম্পদ নাঙল, জাপি, যুৱলী, খৰাহী, পাচী, কোৰ, যঁতৰ, তাঁতশাল, জাল, পলো, গামোচা আদিৰে সজোৱা ৰেম্পত উঠে গোধন৷ নানাৰঙী বেশভূষাৰে নাচনীজনী কৰি সজোৱা গোধনক, বিহুৱা ডেকাৰ দৰে হৈ পৰিল হালৰ হালুৱা৷ বিহুগীতৰ তালে তালে ৰেম্পলৈ আদৰি অনা হ’ল গোধনক৷ উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে এইখনেই একমাত্র গোধনক ৰেম্পত আনি পতা গৰুৰ সৌন্দর্য প্ৰতিযোগিতা৷