প্ৰবীণ বৰুৱা, মঙলদৈঃ আজি দৰং জিলা ভ্ৰমণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই৷ কৃষিমন্ত্ৰী অতুল বৰাই গৰুখুঁটি কৃষি প্ৰকল্প পৰিদৰ্শন কৰি কৃষি প্ৰকল্পৰ বুজ লয়৷ কৃষি প্ৰকল্পত নিয়োজিত লোকসকলৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা কৰে৷ আনহাতে, দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই পি এম কিষাণ, প্ৰধানমন্ত্ৰীৰ ফচল যোজনা, মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য যোজনা আদি কৃষকসকলৰ উন্নয়নৰ বাবে দৰং জিলাত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কৃষকসকলে পাব লগা সুবিধাসমূহ যাতে যোগ্য হিতাধিকাৰীসকলে লাভ কৰে সেইটো সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। পশুপালন বিভাগক তেওঁলোকৰ আঁচনিসমূহ ক্ষিপ্ৰতাৰে যথাযথভাৱে ৰূপায়ণ কৰি কৃষকসকলক ইয়াৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পি.এম কিষাণৰ হিতাধিকাৰীৰ তালিকাসমূহ আসোঁৱাহমুক্ত কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে যাতে অযোগ্য ব্যক্তিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে বুলি কয়। দৰং জিলাত শেহতীয়াকৈ হৈ যোৱা বান পৰিস্থিতিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ জৰিয়তেও কৃষকসকলক সাহায্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ মন্ত্ৰী বৰাই। জিলাখনত ৰূপায়িত হৈ থকা পিএম জে এচ ৱাই, আৰ কে ভি ৱাই আদি আঁচনিৰো পৰ্যালোচনা কৰে। দৰং জিলাত সাৰৰ যোগান নিয়মীয়া কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে। জিলাখনৰ কিছুমান অঞ্চলত কিটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে বুলি জনাই আৰু কিছুসংখ্যক সাৰৰ দোকানীৰ অনুজ্ঞাপত্ৰ ইতিমধ্যে বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে। আজিৰ সভাখনত কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত বিবেক শ্যাম উপস্থিত থাকে।