ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে গৰীৱ কল্যাণ ৰোজগাৰ যোজনা অভিযান আনুষ্ঠানিক ভাৱে মুকলি কৰে৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাইজৰ বাবে মুকলি কৰা গৰীৱ কল্যাণ ৰোজগাৰ যোজনা অভিযান মুকলি কৰি ভাৰত-চীন বিষয়ত মন্তব্য প্ৰকাশ কৰি সম্পূৰ্ণ দেশ ভাৰতীয় সেনাৰ সৈতে আছে বুলি কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে লাডাখত আমাৰ বীৰসকলে বলিদান দিছে৷ মই গৌৰৱেৰে এই কথা উল্লেখ কৰিব খুজিছো যে এই পৰাক্ৰম বিহাৰ ৰেজিমেণ্টৰ আছিল৷ এয়াই প্ৰতিগৰাকী বিহাৰীৰ গৰ্ব৷
যিসকলে সৈনিকে বলিদান দিছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তাৰ লগে লগে মোদীয়ে গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে ভাৰতৰ গ্ৰাম্য ভাৰতৰ জীবিকা বৃদ্ধি কৰাই উদ্দেশ্যে বুলি কয়৷ এই যোজনা উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে কেইবাগৰাকী লোকৰ সৈতে চৰ্চা কৰে৷