সদৌ বিটিআৰ গৰিয়া-মৰিয়া-দেশী ছাত্র সন্থাৰ সম্পাদক ৰিজুল হকে ফেচবুকত দুখন ফটোসহ এটা পোষ্ট দি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ৰিজুল হকৰ নিজৰ নামত থকা ফেচবুক একাউণ্টত পোষ্টটো দি ওদালগুৰি জিলাত গৰিয়া জনগোষ্ঠী তথা থলুৱা ইছলামধৰ্মীৰ কেইটামান পৰিয়ালক মিঞা জনগোষ্ঠীৰ লোকে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ ইমানে নহয় অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ প্ৰয়াস কৰাৰ অভিযোগ আনে৷ মিঞা জনগোষ্ঠীৰ লোকে প্ৰায়ে গৰিয়া জনগোষ্ঠীৰ পৰিয়ালকেইটাক অত্যাচাৰ কৰি অহাত অতিষ্ঠ হৈ প্ৰাণৰ আশংকাত ভোগা বুলি অভিযোগ আনে৷ হকে অভিযোগ কৰা মতে, ওদালগুৰি জিলাৰ ঘাগ্ৰাত বহু সংখ্যক মিঞা জনগোষ্ঠীৰ লোকৰ মাজত কেইটামান থলুৱা ইছলামধৰ্মীৰ পৰিয়াল আছে৷ উক্ত পৰিয়ালকেইটাক প্ৰায়ে ভাবুকি প্ৰদান কৰি আহিছে মিঞা জনগোষ্ঠীৰ লোকে৷ ফলত আতংকত দিন পাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটাই৷ ফেচবুকৰ পোষ্টযোগে গৰিয়া জনগোষ্ঠীৰ পৰিয়ালকেইটাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰশাসন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই৷
ফেচবুক পোষ্টত ৰিজুল হকে কয় ‘‘ওদালগুৰি জিলাৰ ঘাগ্ৰাৰ কেইটামান পৰিয়ালক ওচৰৰে কেইবাটাও মিঞা জনগোষ্ঠীৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰা অত্যাচাৰ কৰি অহা দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিও। অতীজৰেপৰা বসবাস কৰি থকা গৰিয়া জনগোষ্ঠীৰ কেইটামান পৰিয়াল আছে ঘাগ্ৰাত। বিগত সময়ত এই পৰিয়ালটোক মিঞা জনগোষ্ঠীৰ কেইগৰাকীমান ন্যস্তস্বাৰ্থ ব্যক্তিয়ে পৰিয়ালকেইটাক অত্যাচাৰ কৰি আহিছিল যদিও যোৱাকালি চৰম সীমা অতিক্ৰম কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আঘাট কৰে। লগে লগে আৰক্ষীক এজাহাৰ দাখিল কৰা হয়। ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক আৰু হৰিশিঙা আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ তৎপৰতাত মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজাতলৈ প্ৰেৰণ কৰে। এই ছেগতে ওদালগুৰি আৰক্ষী প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।’’ পৰিয়ালৰ সৈতে সদৌ বিটিআৰ গৰিয়া-মৰিয়া-দেশী ছাত্র সন্থা সদায় সদায় থাকিব বুলিও কয় হকে৷