ডিজিটেল ডেস্কঃ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। দেওবাৰে পুৱতি নিশা গড়চুক আৰক্ষীয়ে সাউকুছিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। এই অভিযানত গড়চুক আৰক্ষীয়ে জব্দ কৰে ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ আজাদ হুছেইন নামৰ এজন যুৱকক। আজাদে সাউকুছিত ভাৰাৰুম লৈ বাহৰ পাতি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই গৈছিল। আৰক্ষীয়ে আজাদক গ্ৰেপ্তাৰ কৰি জেল হাজুতলৈ প্ৰেৰণ কৰিছে।