ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহক দিয়া ঋণৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি কৰিছে৷ ইয়াৰ লগে লগে বাণিজ্যিক বেংকসমূহে দিয়া ঋণৰ সুদ বৃদ্ধি পাব৷ অৰ্থাৎ আপুনি নতুনকৈ এখন গাড়ী কিনে অথবা ঘৰ নিৰ্মাণৰ বাবে ঋণ লয় আপোনাৰ ইএমআই বা দেনা পূৰ্বতকৈ বৃদ্ধি পাব৷ ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শশীকান্ত দাসে আজি এইকথা সদৰি কৰি কয় যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবেহে এনে সিদ্ধান্ত ল’ব লগা হৈছে৷ ৰিজাৰ্ভ বেংকৰ মনিটৰ পলিচি কমিটি চমুকৈ এমপিচিৰ বৈঠকত এক গুৰুতৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এমপিচিৰ ৬জন সদস্যৰ ভিতৰত চাৰিজন সদস্যই ৰেপোৰেট বৃদ্ধিৰ সাপেক্ষে মতপ্ৰকাশ কৰে৷ ৰেপোৰেট বৃদ্ধিৰ লগে লগে সাধাৰণ গ্ৰাহকৰ মূৰত ঋণৰ বোজা বৃদ্ধি পাব৷