বৰপেটাত আজি এটা হৃদয় বিদাৰক কাণ্ড সংঘটিত হয়৷ মেচিনত সোমাই থিতাতে নিহত হয় এগৰাকী শ্ৰমিক৷ বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানৰ অন্তৰ্গত কৃষ্ণনগৰ জাখলি বিল পথাৰত এই দুৰ্ঘটনা সংঘটিত হয়৷ মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ নামৰ পাপৰ প্ৰস্তুত কৰা ক্ষুদ্ৰ উদ্যোগৰ মেচিনত সোমাই নিহয় হয় মাণিক বৰ্মন নামৰ ২২ বছৰীয়া শ্ৰমিক৷ বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ অন্তৰ্গত লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মনৰ পুত্ৰ মাণিক বৰ্মন।