গোৱাত পুৱাৰে ৪০টা সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে আৰু ১৮ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে৷ পুৱা বেলট পেপাৰত অনুষ্ঠিত হোৱা ভোট গণনাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে৷ ৪০টা সমষ্টিৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপিয়ে সমানে সমানে আগবাঢ়িছে৷ ১৮ খন আসনত বিজেপি আৰু ১৩ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে৷ তাৰ মাজতে গোৱা কংগ্ৰেছৰ সভাপতি গিৰীশ চোদংকাৰে মডিয়াৰ মুখামুকি হৈ মন্তব্য প্ৰকাশ কৰি কয় যে আমি ফলাফলৰ শেহতীয়া স্থিতি চাই আছো৷ গোৱাৰ মানুহে পৰিৱৰ্তনৰ বাবে ভোট দিছে৷