March 24, 2023, 1:42 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গোৱালপাৰাত বিধৱা মহিলাক দিয়া সাহায্যৰ পৰা ২৫০০ টকাকৈ সংগ্ৰহ পঞ্চায়ত সদস্যৰ

Reporter Name
  • Update Time : Wednesday, June 24, 2020
  • 100 Time View

দুধনৈঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰাৰ কথা উল্লেখ কৰি অহাৰ সময়তে এতিয়া দিনৰ পোহৰতে চলিছে মুক্ত দুৰ্নীতি। ৰাজ্যত এতিয়া প্ৰতিটো বিভাগত মুকলি ভাৱে দুৰ্নীতি সংঘটিত হৈ অহাৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

শেহতীয়াকৈ গোৱালপাৰা জিলাৰ দামৰা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তত মুকলি ভাৱে কমিচনৰাজ চলিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে৷

পঞ্চায়তখনত শেহতীয়াকৈ বিধৱা মহিলা হিতাধিকাৰীক চৰকাৰী সাহায্য প্ৰদানৰ নাত কমিচন লোৱাৰ অভিযোগ উত্থাপন কৰিছে খোদ এই আঁচনিৰ হিতাধিকাৰী কেইবাগৰাকী মহিলাই৷ পঞ্চায়ত সদস্যাৰ বিৰুদ্ধে কেমেৰাৰ সন্মুখতে আঁচনিৰ ধন দিয়াৰ নামত ২৫০০ টকাকৈ লোৱা বুলি অভিযোগ উত্থাপন কৰে বিধৱা মহিলাগৰাকীয়ে

দামৰা গাঁও পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডৰ সদস্যা ৰীণা দৈমাৰীয়ে বিধৱা মহিলা হিতাধিকাৰীক ২৫ হাজাৰ টকা এককালিন সাহায্য দিয়াৰ বিনিময়ত দহ গৰাকীকৈ অধিক বিধৱা মহিলাৰ পৰা ২,৫০০ টকাকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিগৰাকী মহিলাৰ পৰা ২৫০০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰি অভিযোগকাৰী মহিলাসকলে কয় যে সদস্যাগৰাকীক উৎকোচ নিদিলে আঁচনিৰ পৰা বঞ্চিত হ’ব বুলি কয়৷ আঁচনিৰ তালিকাৰ পাৰ নাম কৰ্তন কৰাৰ ভয় দেখুৱাই দৰিদ্ৰ মহিলাসকলৰ পৰা ২৫০০ টকাকৈ সংগ্ৰহ কৰে ৱাৰ্ডৰ সদস্যা ৰীণা দৈমাৰীয়ে৷

তদুপৰি ৰেচন কাৰ্ড নথকা দুখীয়া লোকক প্ৰদান কৰা এক হাজাৰ টকাৰ পৰাও দুশ টকাকৈ আত্মসাত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৱাৰ্ডৰ সদস্যা ৰীণা দৈমাৰীৰ বিৰুদ্ধে। এইক্ষেত্ৰত পঞ্চায়তৰ সচিব আৰু সভাপতি তথা ৰাজ্য চৰকাৰে সদস্যাগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে