নজৰুল হক, গোৱালপাৰাঃ গোৱালপাৰাত বন বিভাগৰ অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠ আৰু এটা অবৈধ কাঠফলা কল জব্দ কৰিবলৈ সক্ষম হয়। যোৱা দুদিন ধৰি গোৱালপাৰাত বন বিষয়া জগন্নাথ আগৰৱালৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমাণৰ শাল-চেগুন কাঠ জব্দ কৰাৰ লগতে তিনিটাকৈ অবৈধ কাঠফলা কল উৎখাত কৰিবলৈ সক্ষম হয়। সংবাদ মাধ্যমে ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ ফলত বন বিভাগে অভিযান চলাবলৈ বাধ্য হৈছে। আজিও গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত প্ৰায় সত্তৰ হাজাৰ টকা মূল্যৰ কাঠ জব্দ কৰাৰ লগতে এটা কাঠফলা কলো জব্দ কৰিবলৈ সক্ষম হয়।