March 25, 2023, 3:19 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ, লণ্ড-ভণ্ড কৰিলে ৪টা পৰিয়ালৰ ঘৰ-দুৱাৰ

Reporter Name
  • Update Time : Wednesday, July 8, 2020
  • 232 Time View

দুধনৈঃ গোৱালপাৰাত বিগত কেইবাদিন ধৰি হাতী-মানুহৰ সংঘাত অব্যাহত আছে৷ সম্প্ৰতি এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ ৰংজুলি, দুধনৈ, ধূপধৰা আদি অঞ্চলত নিশা বৃহৎ বৃহৎ বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চললৈ ওলাই আহে৷ জনাঞ্চললৈ ওলাই আহি সন্ত্ৰাস চলাই মানুহৰ ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে সা-সম্পত্তি বিনষ্ট কৰে৷

জানিব পৰা মতে, ৰংজুলি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কাহিবাৰী অঞ্চলত মঙলবাৰে নিশা এটা অকলশৰীয়া বন্যহস্তীয়ে ৪টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰি সা-সম্পত্তি বিনষ্ট কৰে৷ এই ঘটনাৰ কিছু সময়ৰ পাছতেই স্থানীয় ৰাইজে জুই জ্বলাই, ফটকা ফুটাই হাতীটোক গাঁৱৰ পৰা খেদি পঠিয়াই৷

দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ঘটনাস্থলীত উপস্থিত হৈ ৪ ভুক্তভোগী পৰিয়ালক ঘৰ-দুৱাৰ মেৰামতি কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰে৷ সমান্তৰালভাৱে অতি সোনকালে পৰিয়ালটোৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে বিধায়ক ৰাভাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে