গোৱালপাৰাঃ ক’ৰোনা ভাইৰাছৰ শেহতীয়া সংক্ৰমণৰ বাবে ক্ৰমে ভয়াবহ হ’ব ধৰিছে ৰাজ্যৰ পৰিস্থিতি৷ প্ৰতিদিনে ৩ হাজাৰতকৈ অধিক ক’ৰোনা ৰোগী ধৰা পৰাৰ লগতে ৭-৮গৰাকী লোকে মৃত্যুমুখত পৰিছে৷ তাৰ মাজতে এইবাৰ তিনিবছৰীয়া শিশু মৃত্যুমুখত পৰিছে ৰাজ্যত৷
গোৱালপাৰা জিলাৰ খানখোৱা চৰৰ মোন্নাফ মোল্লাৰ তিনি বছৰীয়া কন্যা মাৰুফা খাতুনৰ শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত মৃত্যু হয়৷ তিনি বছৰীয়া কন্যাগৰাকী কোভিডৰ ৰেপিড পৰীক্ষাত পজিটিভ ধৰা পৰিছিল৷
জানিব পৰা মতে, ৪-৫ দিন পূৰ্বে কন্যাগৰাকীয়ে চকীৰ পৰা পৰি গৈ মুৰত আঘাত পাইছিল৷ চিকিৎসালয়ৈ নিয়াৰ পৰিবৰ্তে ঘৰতে জঁৰা-ফুকা কৰিছিল পৰিয়ালে৷ পিছত শিশুটোৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসাৰ বাবে গোৱালপাৰা চহৰলৈ নিয়ে৷ চহৰখনৰ বাপুজীনগৰৰ কোভিড পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰাত কোভিড পজিটিভ ধৰা পৰিছিল যদিও পিছত শিশুটো মৃত্যুমুখত পৰে৷ আনফালে শিশুটোৰ দেহত ক’ৰোনা ধৰা পৰাৰ বিপৰীতে পিতৃ-মাতৃৰ নিগেটিভ বুলি জানিব পৰা গৈছে।