নজৰুল হক, গোৱালপাৰাঃ গোৱালপাৰাত সংঘটিত হৈছে এনকাউণ্টাৰ। এনকাইণ্টাৰত ৩ ডকাইত নিহত। শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়।আৰক্ষীৰ গুলীত নিহত হোৱা আটাইকেইজন হত্যা আৰু অপহৰণেৰে জড়িত। গোৱালপাৰাৰ কৃষ্ণাই পাইকানৰ টুকুৰাত আৰক্ষীৰ গুলীত তিনি ডকাইত গুলীবিদ্ধ হৈছিল যদিও চিকিৎসালয়লৈ নিয়াত মৃত ঘোষণা কৰে৷ পিকআপ বাহনেৰে ডকাইতৰ দলটো তামোল কঢ়িয়াই অনা গাড়ী ডকাইতি কৰিবলৈ প্ৰয়াস কৰি আছিল৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই এনকাউণ্টাৰ কৰে ডকাইতৰ দলটোক৷ দলটিৰ পৰা এটা পিষ্টল, খুকুৰী আৰু লোৰ সামগ্ৰী উদ্ধাৰ৷ ডকাইত চাহজাহান আলী, চুজল আৰু নজৰুল হক নিহত৷