মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানঃ সংবিধান বিৰোধী কাৰ্যত লিপ্ত থকাৰ লগতে নাৰী নিৰ্যাতনজনিত কাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মাৰ্ঘেৰিটাৰ এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ বিৰুদ্ধে৷ প্ৰায় এক বছৰ পূৰ্বে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৰা বহিস্কৃত সন্তোষ ছেত্ৰীৰ (মুন্না) বিৰুদ্ধে এইবাৰ নাৰী নিৰ্যাতন আৰু হত্যাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে মাৰ্ঘেৰিটা বজাৰৰ নিবাসী জনৈক গগৈ ছেত্ৰীয়ে। মহিলাগৰাকীক অশ্লীল ভাষাৰে নিয়মিত গালি গালাজ কৰি অহাৰ অভিযোগ কৰি আজি মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আছু, আগছু আৰু বীৰ লাচিত সেনাই তদন্ত কৰাৰ দাবী জনাইছে। বহিস্কৃত সন্তোষ ছেত্ৰীয়ে মাৰ্ঘেৰিটাত “দাৰ্জেলিং” নামৰ এখন হোটেল খুলি দেহ ব্যৱসায় চলাই আহিছিল বুলিও দল-সংগঠনসমূহে গুৰুতৰ অভিযোগ কৰিছে।