গোৰেশ্বৰঃ আজি বিদ্যালয়সমূহৰ অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি শেষ দিন৷ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শেষ দিনটোত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে পঞ্চায়ত-গ্ৰাম্য বিকাশ বিভাগৰ প্ৰধান সচিব ড০ জে. বি এক্কাই। ড০ জে. বি এক্কাক বিদ্যালয় কৰ্তৃপক্ষই আদৰণি জনায়।বিদ্যালয়খনৰ অভিভাৱক সভাত অংশলৈ অভিভাৱকৰে মত-বিনিময় কৰে। বিদ্যালয়খনৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে অভিভাৱকসকলে সচিবক অৱগত কৰে। বিদ্যালয়খৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাতো প্ৰাদেশীকিকৰণ কৰা, বিদ্যালয়খনত অধ্যক্ষ নিযুক্তি দিয়া, বিদ্যালয়খনত বহুকেইটা শিক্ষক পদ খালি হৈ থকাত পদসমূহ পুৰণৰ ব্যৱস্থা কৰাৰ দাবী জনায়। নৱগঠিত তামুলপুৰ জিলাত ৬৮৮খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ।