তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ঔগুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। গোৰেশ্বৰৰ ঔগুৰীৰ হাহদগ্ৰা চুবুৰীৰ ৩০ বছৰীয়া যোগেশ্বৰ বড়ো নামৰ লোকজনে পত্নী অঞ্জু বড়োক (২৭) হত্যা কৰি নিজেও চিপ লৈ আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ প্ৰথমে নিজ পত্নী অঞ্জু বড়োক হত্যা, তাৰ পিছতে যোগেশ্বৰ বড়োৱে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ ইতিমধ্যে আৰক্ষীয়ে দুটা মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ জানিব পৰা মতে, নিশা প্ৰায় দুই বজাত স্বামী স্ত্ৰীৰ মাজত এক কাজিয়াৰ সুত্ৰপাত হোৱাৰ ফলতে প্ৰথমে যোগেশ্বৰ বড়োৱে নিজৰ পত্নীক দাৰে ঘপিয়াই হত্যা কৰে৷ পত্নীক হত্যা কৰি যোগেশ্বৰ বড়োৱে পত্নীক হত্যা কৰা কোঠাতে চিপ লৈ আত্মহত্যা কৰে৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত নিজৰ ৯ বছৰীয়া পুত্ৰ সন্তান ঘৰৰ ভিতৰত শুই আছিল। কণমানিয়ে পিতৃ-মাতৃৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয়। গোৰেশ্বৰ আৰক্ষীক স্থানীয় লোকে খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। পাৰিবাৰিক কন্দলৰ বাবেই যোগেশ্বৰ বড়োৱে পত্নী অঞ্জু বড়োক হত্যা কৰি আত্মহত্যা কৰা চৰ্চা হৈছে যদিও ঘটনাৰ আন ৰহস্যও থাকিব পাৰে৷ সেই কথা নুই কৰিব নোৱাৰি৷