গোসাইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত পৰিবহন বিভাগে অভিযান চলোৱাৰ সময়তে এগৰাকী ই-ৰিক্সা চালকৰ মৃত্যু হোৱাত উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ ফলত উত্তেজিত লোকে থানা ঘেৰাও কৰি ন্যায়ৰ দাবী জনাই৷ কোকৰাঝাৰ জিলা পৰিবহন বিষয়াৰ নেতৃত্বত গোসাঁইগাঁও সদৰ চহৰতই-ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই প্ৰশাসনে। ই-ৰিক্সাৰ পঞ্জীয়ন নম্বৰ, বীমা আৰু চালকৰ লাইচেন্স বিচাৰি অভিযান চলাই প্ৰায় ৭০ খন ই-ৰিক্সা জব্দ কৰে। ই-ৰিক্সাৰ চালকসকলে পৰিবহন আইন ভংগ কৰা বুলি ই-ৰিক্সাসমূহক জব্দ কৰে আৰু নথি-পত্ৰ বিহীন ই-ৰিক্সাসমূহ গোসাঁইগাঁও থানাত আৱদ্ধ কৰে। পৰিবহন আইন নমনা ই-ৰিক্সাসমূহ থানাৰ পৰা ১০ হাজাৰ টকা জৰিমনা আদায় দি লৈ যাব লাগিব বুলি জিলা পৰিবহন বিষয়া সৰ্বেশ্বৰ ব্ৰহ্মই নিৰ্দেশ দিয়াত ই-ৰিক্সা চালকসকলৰ মাজত হাহাকাৰ লাগে। পৰিবহন বিভাগৰ নিৰ্দেশ শুনাৰ পিছতে গোসাঁইগাঁও ২নং ৱাৰ্ডৰ বাসিন্দা তথা ই-ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰা গোপাল ৰায় (৫০) হৃদৰোগত আক্ৰান্ত হৈ থানাৰ সন্মুখতে ঢলি পৰে। তৎক্ষনাত লোকজনক হাব্ৰুবিলস্থিত আৰএনবি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ই-ৰিক্সা চালকসকল ক্ষোভত ফাটি পৰে। মৃতদেহ লৈ গোসাঁইগাঁও থানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ডিটিঅ’ মুৰ্দাবাদ, ডিটিঅ’ৰ দাদাগিৰী নচলিব৷ মৃত চালকজনৰ মৃত্যুৰ বাবে দায়ী ডিটিঅ’ক গ্ৰেপ্তাৰ কৰক, মৃতকৰ পৰিয়ালক দহ লাখ টকা ক্ষতিপূৰণ দিয়ক আদি ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। থানাৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী চলা কালিন সময়ছোৱাতে কাৰ্যবাহী দণ্ডাধীশসহ পৰিবহন বিষয়া আহি উপস্থিত হোৱাৰ পিছতে ক্ষোভৰ মাত্ৰা অধিক বৃদ্ধি পায় যদিও গোসাঁইগাঁও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পিছত আৰক্ষী, পৰিবহন বিষয়া আৰু ই-ৰিক্সা ইউনিয়নৰ নেতৃবৃন্দৰ মাজত সমস্যা সমাধানৰ বাবে এক বৈঠক অনুষ্ঠিত হয়। বৰ্তমানেও পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে আৰু পৰিবহন বিভাগৰ বিৰুদ্ধে চালকসকল ক্ষোভত ফাটি পৰিছে।