চন্দন কৰ্মকাৰ, গোলাঘাটঃ গোলাঘাট নগৰৰ মহেশ্বৰী ভৱনত আজিৰে পৰা অনুষ্ঠিত হৈছে সদৌ অসম ৱাক’ কিক বক্সিং চেম্পিয়নশ্বিপ। প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাই। তিনিচুকীয়াৰ অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলে বন্দে মাতৰম নৃত্যৰে মুখৰিত কৰি তুলে পৰিৱেশ। আয়োজক সমিতিৰ সভাপতি সঞ্জীৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী, পৌৰপতি দুলুমণি বৰবৰা, উপ-পৌৰপতি সীমান্ত বৰা, জিলা ক্ৰীড়া বিষয়া চেমী শইকীয়া, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল, সদৌ অসম ৱাক’ কিকি বক্সিং সংস্থাৰ সভাপতি হিৰণ্য বৰুৱা, সমাজকৰ্মী আচিকুৰ ৰহমাণ, ৱাক’ কিক বক্সিং সংস্থাৰ সাধাৰণ সম্পাদক আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠান পৰিচালনা কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ আৰু অভিলাষ বৰাই। প্ৰতিযোগিতাত অসমৰ জিলাসমূহৰ চাৰি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগি নিৰ্বাচিত কৰা হ’ব।