চন্দন কৰ্মকাৰ, গোলাঘাটঃ গোলাঘাট নগৰৰ ৰেল ষ্টেচনৰ সমীপৰ সামান্য সংঘলত আজি এটি পানী কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ হয়। পলিথিনত ভৰাই জংঘলত দলিয়াই কোনো লোকে৷ স্থানীয় কণ কণ লৰা ছোৱালীয়ে খেলি থকাৰ অৱস্থাতে সমীপৰ হাবিডোখৰত প্ৰত্যক্ষ কৰে মৃত পানী কেঁচুৱা৷ স্থানীয় লোক কোনো কু-চৰিত্ৰৰ লোকে নিজৰ অপকৰ্ম লুকুৱাই ৰাখিবলৈ পানী কেঁচুৱাক হাবিত পেলাই থৈ যোৱাৰ সন্দেহ কৰে। গোলাঘাট নগৰত পানী কেঁচুৱা উদ্বাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত গোলাঘাট আৰক্ষী আৰু ৰেলৱে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।