চন্দন কৰ্মকাৰ, গোলাঘাটঃ আজিৰে পৰা আৰম্ভ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ গৌৰৱময় শতবৰ্ষ উদযাপনৰ শুভাৰম্ভ অনুষ্ঠান আৰম্ভ হৈছে। শুভাৰম্ভণী অনুষ্ঠানে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত গোলাঘাট ষ্টেডিয়ামত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে৷ গৌৰৱময় কাৰ্যক্ৰমণিকাৰে এশটা বছৰ গৰকা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আজি পুৱা গোলাঘাট ষ্টেডিয়ামত শতবৰ্ষৰ পতাকা উত্তোলন কৰে গোলাঘাট সমষ্টিৰ বিধায়ক, মন্ত্ৰী অজন্তা নেওগে। জিলা ক্ৰীড়া সন্থাৰ উত্তোলন কৰা ১০০ খন পতাকাৰ ভিতৰত সন্থাৰ সভাপতি ডা০ অজিত বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি তথা অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰিক্ষীত দত্ত, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি দীনেশ গগৈ, পূৰ্ণ ৰাজখোৱা, যতীন বৰা, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আদিয়ে প্ৰতিকীভাৱে উত্তোলন কৰে। শতবৰ্ষ উদযাপন সমিতিৰ উপ-সভাপতি পৰীক্ষিত দত্তই আঁতধৰা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মন্ত্ৰী অজন্তা নেওগে শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱাৰ লগতে অংশগ্ৰহণ কৰা অতিথিসকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক কাজল শইকীয়া উপস্থিত থাকে। আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা০ অজিত বৰুৱাই। ফুল মাৰাথান দৌৰ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত পুৰস্কাৰসমূহ বিচৰণ কৰা হয়। শতবৰ্ষ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গায়ন-বায়নৰ দল, বড়ো, ঝুমুৰ, ক্ৰীড়া সন্থাৰ ইভেন্টসমূহৰ খেলুৱৈসকলৰ কুচ-কাৱাজ আদিয়ে গোলাঘাট ষ্টেডিয়ামত আজি অনন্য পৰিৱেশৰ সৃষ্টি কৰে। আজি আয়োজিত সম্পূৰ্ণ মাৰাথান প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বৰপেটাৰ ৰবীন দাসে। দ্বিতীয় স্থান মৰিগাঁৱৰ সূৰ্য দাস, তৃতীয় স্থান খুমটাইৰ তিখেশ্বৰ কুৰ্মী, চতুৰ্থ স্থান মৰিগাঁৱৰ ভুপেন ডেকা, পঞ্চম স্থান বিকাশ ঠেঙাল, ষষ্ঠ খুমটাইৰ খগেন কুৰ্মী, সপ্তম স্থান নাহৰকটীয়াৰ বিনোদ ৰাজোৱাৰ, অষ্টম স্থান বিহৰাৰ ৰিচি গুপ্তা, নৱম স্থান বিহৰাৰ উত্তম ৰবিদাস আৰু দশম স্থান যোৰহাটৰ কৃষ্ণ চুতীয়াই লাভ কৰিবলৈ সক্ষম হয়। সম্পূৰ্ণ মাৰাথানৰ ফ্লেগ অফ কৰে অসম এথেলেটিক সন্থাৰ সম্পাদক অশোক ভঁৰালীয়ে।