গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰঃ নতুনকৈ নিৰ্মাণ কৰা গোলাঘাট জিলা ন্যায়িক আদালত আৰু কাৰ্যালয়ৰ অত্যাধুনিক সাতমহলীয়া ভৱন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়াই৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অত্যাধুনিক সাতমহলীয়া ভৱন মুকলি কৰা হয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়াই ভৱন মুকলি কৰি কয় যে এটা সুন্দৰ অট্টালিকা থকা আদালতেই সুন্দৰ ন্যায় প্ৰদানৰ আশ্বাস নিদিয়ে। অট্টালিকাৰ ৰং যিয়েই নহওক কিয়, ন্যায়ৰ ৰং সকলোৰে বাবে একেই হ’ব লাগে। এজন দক্ষ অধিবক্তাই দক্ষ ন্যায় প্ৰদানৰ প্ৰতিচ্ছবি বহন কৰে। আনহাতে, অতি পুৰণি গোলাঘাট অধিবক্তা সন্থাৰো প্ৰশংসা কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। বহু দক্ষ তথা অভিজ্ঞ অধিবক্তাৰ পৰিচালনাৰে গোলাঘাট অধিবক্তা সন্থাই বিগত সময়চোৱাত গোলাঘাটৰ ন্যায় ব্যৱস্থালৈ আগবঢ়োৱা অৰিহণাৰ কথাও তেওঁ উল্লেখ কৰে। দৰিদ্ৰতাৰ বিপৰীত অৰ্থ অৰ্থপূৰ্ণতা নহয়, বৰঞ্চ ন্যায় বুলিও মন্তব্য মুখ্য ন্যায়াধীশ শুধাংশু ঢুলীয়াৰ। উল্লেখ্য যে, প্ৰায় ২৯ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ ভিতৰতে উক্ত ন্যায়িক ভৱন আটক ধুনীয়াকৈ অত্যাধুনিক ৰূপত সজাই-পৰাই তোলা হৈছে। আজিৰে পৰা গোলাঘাট ন্যায়িক আদালতৰ চৌহদ ৰাইজৰ বাবে মুকলি হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চন্দকে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যম। গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট অধিবক্তা সন্থাৰ সভাপতি দীপমৰঞ্জন সন্দিকৈয়ে অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ কে.এল বৈষ্ণৱে শলাগৰ শৰাই আগবঢ়ায়। আৰম্ভণিতে গোলাঘাট অধিবক্তা সন্থাৰ সদস্যসকলে এটি সুন্দৰ কোৰাচ পৰিৱেশন কৰে।