বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত বহু পানী যোগান আঁচনি যোৱা ১০-১১ বছৰ ধৰি বিকল হৈ আছে।
এনে পানী যোগান আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন নকৰাত সম্প্ৰতি উদ্বিগ্ন হৈ পৰিছে ভূক্তভোগী অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ।
বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বজ্ঞানহীনতা আৰু বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহিৰ ফলশ্ৰুতিত বৰপথাৰৰ চকলিপথাৰ, বছাপথাৰ, শ্যাম গাঁও, দিঘলীপথাৰ, বছাপথাৰ আদি পানী যোগান আঁচনিসমূহ দীৰ্ঘদিন ধৰি বিকল হৈ থকাৰ লগতে উক্ত আঁচনিখন সম্প্ৰতি নোহোৱা হোৱাৰ উপক্ৰম হৈছে। যাৰবাবে সৰ্বসাধাৰন ৰাইজে আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ’ব লগা হৈছে।
নিৰ্বাচনৰ সময়ত প্ৰতিটো জনসভাত পৰিৱৰ্তনৰ নাম লৈ শাসনৰ গাদী দখল কৰা সোণোৱাল চৰকাৰখনৰ এয়াই প্ৰকৃত স্বৰূপ বুলি এতিয়া ৰাইজে অভিযোগ কৰা দেখা গৈছে।