গোলাঘাটঃ গোলাঘাট জিলা প্ৰশাসনে ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ উঠি-পৰি লাগিছে৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকাকৈ ক’ৰোনা ৰোগী ধৰা পৰিছে যদিও ভাল খবৰ এই যে গোলাঘাটত যোৱা কেইবাটাও ঘণ্টাত ক’ৰোনা ৰোগী ধৰা পৰা নাই৷
বিগত ২৪ ঘণ্টাত গোলাঘাট জিলাত এজনো কোৱিড আক্ৰান্ত ৰোগী ধৰা পৰা নাই। বৰ্তমানলৈকে জিলাখনত মুঠ ৫৫৮গৰাকী লোকৰ দেহত কোৱিড ভাইৰাছ ধৰা পৰিছে। ইয়াৰে বৰ্তমান ৯৮গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। ৯০গৰাকী গোলাঘাট হস্পিতালত, ৫গৰাকী কহৰা মডেল হস্পিতালত, এগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰু দুজন নিজ গৃহত চিকিৎসাধীন হৈ আছে।
বৰ্তমানলৈকে জিলাখনৰ ৪৬০গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰি ঘৰলৈ ওভতি গৈছে। এই ঘটনাৰ পাছতে গোলাঘাট জিলা উপায়ুক্তই তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ হংকঙ বজাৰ এলেকা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে।