লিজা দাস, গোলাঘাটঃ গোলাঘাট জিলাত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা আজি ৪৭৬ জনলৈ বৃদ্ধি পালে। জানিব পৰা মতে, বহিঃৰাজ্যৰ পৰা অহা ১৮ গৰাকী লোকৰ দেহত আজি কোভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। কোভিভ পজিটিভ সকলো লোক জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। জিলাখনৰ কোভিড আক্ৰান্তসকলৰ মাজৰ ৩৭৪ গৰাকী ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে। বৰ্তমান ১০২ গৰাকী ৰোগী আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে আটাইকেইগৰাকী ৰোগী গোলাঘাট কোভিড হাস্পতালত থকাৰ বিপৰীতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কোভিড হাস্পতালত চিকিৎসাধীন হৈ থকা গোলাঘাটৰ সকলোৱে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে। ইফালে, আজি গোলাঘাট নাৰ্ছিং হম, লাইফ লাইন নাৰ্ছিং হম সম্পৰ্কীয় সকলো লোকৰ স্বাৱৰ ৰিপ’ৰ্ট নিগেটিভ অহাত গোলাঘাট জিলা প্ৰশাসনে নগৰৰ চক বজাৰৰ কনটেইণ্টমেন জ’ন, কৰ্ট ৰ’ডৰ পৱন বৰুৱা ক’লনীৰ ৰেষ্ট্ৰিকটেড জ’নকে ধৰি নগৰৰ কেউটা ৰেষ্ট্ৰিকটেড এলেকা মুকলি কৰি দিয়ে।