গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ চাৰিখন ট্ৰাক, এখন ডাম্পাৰ আৰু এখন জেচিবি। অতিৰিক্ত বোজা কঢ়িওৱা আৰু ৰাস্তাৰ মাজত বিশৃংখলভাৱে ৰাখি যাতায়তত সমস্যাৰ সৃষ্টি কৰাত সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা জব্দ অতিৰিক্ত বোজা কঢ়িওৱা বাহন কেইখন৷ এএছ-০১ ডিডি-৭১২৭, এএছ-০৯-এচি-২৬৯৪, এএছ-০১-জিচি-৯০২১, অ’আৰ-০৯ পি-৮৭৩৩ নম্বৰৰ ট্ৰাক কেইখন জব্দ কৰে৷ অতিৰিক্ত শিলৰ বোজা কঢ়িওৱা এএছ -১৬-এচি-২২৩৯ নম্বৰৰ ডাম্পাৰ আৰু এএছ-১৭-এম-০২৮৫ নম্বৰৰ জিচিবি জব্দ কৰে। সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ প্ৰতিদিনে শতাধিক ডাম্পাৰেৰে বিভিন্ন থানা আৰু আৰক্ষী চকীৰ সন্মুখেৰে অতিৰিক্ত বোজা কঢ়িয়াই অনাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। এই ক্ষেত্ৰত ধুবুৰী পৰিবহন বিভাগে দীৰ্ঘদিন ধৰি অ’ভাৰ লোড শিলৰ বোজা কঢ়িয়াই অনা ডাম্পাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ বিপৰীতে ৰহস্যজনক ভূমিকা পালন কৰি আহিছে।