মেহবুব ৰাজ, লক্ষীপুৰঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আজি গোৱালপাৰাৰ লক্ষীপুৰত পৌৰ সভাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাই৷ গোৱালপাৰাৰ লক্ষীপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা কেইবাখনো সভাত অংশ লয়৷ দহটা ৱাৰ্ডেৰে গঠিত লক্ষীপুৰ পৌৰ সভাৰ নিৰ্বাচনত বিজেপিয়ে দহটা ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কলিতাই লক্ষীপুৰ পৌৰ সভাৰ দহটা ৱৰ্ডতে বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰে৷ লক্ষীপুৰক মহকুমা হিচাপে ঘোষণা কৰাৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত ভবেশ কলিতাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।