May 25, 2022, 1:32 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

গোৰেশ্বৰ চহৰত নিতৌ যমৰ-যাতনা নাগৰিকৰঃ ৰেলপথত পুনৰ উৰণীয়া সেঁতু স্থাপনৰ দাবী

Reporter Name
  • Update Time : Thursday, April 7, 2022
  • 46 Time View

গোৰেশ্বৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও-মুৰ্কংচেলেক ব্ৰডগজ ৰেলপথত গোৰেশ্বৰ চহৰৰ অংশত এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি ৰাইজে দাবী জনাই আহিছে৷ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হ’লে পিঠি দিয়া পৰিলক্ষিত হৈছে৷ উৰণীয়া সেঁতুখন নথকাৰ ফলত পুৱাৰ ভাগত বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে মহা বিপদত পৰে৷ উৰণীয়া সেঁতু নথকাৰ ফলত পুৱাৰ ভাগত এঘণ্টা পৰ্যন্ত বোন্দাপৰ দি থাকিবলগীয়া হয় নাগৰিকে৷ ছাত্ৰৰ স্কুলত উপস্থিত হোৱাৰ সময় পৰ্যন্ত পাৰ হৈ যোৱাৰ উদাহৰণ আছে৷ বিটিচিৰ ব্যৱসায়ৰ ৰাজধানী সদৃশ গোৰেশ্বৰত দীৰ্ঘ দিনৰ বাট-পথৰ আহল-বহল কৰাৰ দাবী উত্থাপন হৈ আহিছে যদিও কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ ইয়াৰ মাজতে আজি পুনৰ একেটা দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে গোৰেশ্বৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ গোৰেশ্বৰ নগৰৰ মাজমজিয়াৰে পাৰ হৈ যোৱা ৰঙিয়া-মুৰ্কংচেলেক ব্ৰডগজ ৰেলপথত উৰণীয়া সেঁতু নিৰ্মাণৰ দাবী জনাই গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে৷ ৰঙিয়া-মুৰ্কংচেলেক ৰেলপথত বৰ্তমান উজনিমুৱা দৈনিক ৭ খন যাত্ৰীবাহী, নামনিমুৱা ৭খন যাত্ৰীবাহী, সাপ্তাহিক উজনিমুৱা ৫খন, নামনিমুৱা ৫খন আৰু মালবাহী ৰেল কেইবাখনো চলাচল কৰে। দৈনিক প্ৰায় কমেও ১৮-২০ খন ৰেল চলাচল কৰাৰ ফলত ব্যস্ত হৈ পৰিছে ৰেলপথটো। ফলত প্ৰায়ে ৰেলগেট বন্ধ কৰি ৰাখিবলগীয়া হয়৷ যাৰ বাবে গোৰেশ্বৰ নগৰৰ মাজমজিয়াত থকা ৰেলগেটত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়। বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অফিচ-কাছাৰীৰ বিষয়া-কৰ্মচাৰীৰ লগতে সাধাৰণ লোকসকলে সময়মতে গন্তব্য স্থান পোৱাত ব্যাঘাত জন্মে। জৰুৰীকালীন স্বাস্থ্য সেৱাৰ সৈতে জড়িত এম্বুলেঞ্চ সেৱাত ব্যাহত হয়। ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনে বাৰে বাৰে উৰণীয়া সেঁতুখন নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও আজিলৈ সকলো ফুটুকাৰ ফেন হৈ থাকিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে