গোৰেশ্বৰত এগৰাকী ব্যক্তিগত স্কুলৰ শিক্ষয়িত্ৰীয়ে আত্মহনন কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোকৰাঝাৰৰ এখন শিক্ষানুষ্ঠানৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা নিহিৰ বড়ো নামৰ যুৱতীগৰাকীয়ে নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ গোৰেশ্বৰ চহৰৰ নিকটৱৰ্তী সৰুফুলচকীত ঘৰ নিহিৰ বড়োৰ৷ পিতৃ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল৷ গোৰেশ্বৰ চহৰৰ ব্যক্তিগত খণ্ডৰ ৰেইনবো ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী নিহিৰ বড়োৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত পৰিয়ালে নিজ কোঠাত উদ্ধাৰ কৰে৷ আজি পুৱতি নিশা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় নিহিৰ বড়োৰ মৃতদেহ৷ উচ্চ শিক্ষিত যুৱতীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পন্থা ল’লে তাৰ কাৰণ জানিব পৰা হোৱা নাই৷ গোৰেশ্বৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷