গোলাঘাটঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত ৰাজ্য চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে গোলাঘাট চহৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷
গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা ছাত্র সন্থাই৷
নৰেন্দ্ৰ মোদী গ-বেক, সৰ্বানন্দ সোণোৱালৰ লাজ নাই, বিজেপি চৰকাৰ হায়ঃ হায়ঃ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে আছুৱে৷ গোলাঘাট আছুৱে চৰকাৰক সকিয়নী প্ৰদান কৰি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধৰ দাবী জনায়৷ অন্যথাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আছুৱে৷